Voice of Eastern India

অসমত অবৈধ খননৰ অভিযোগ খাৰিজ! মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য


অসমত অবৈধ খনন নহয়, নাগালেণ্ডৰ বিষয়ত কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিব চৰকাৰে

উজনিৰ তিনি জিলাত অবৈধ খননৰ বাবেই প্ৰলয়ংকাৰী বানৰ সৃষ্টি হল নেকি? এই বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য। তেওঁৰ অসমৰ ভিতৰত কোনো অবৈধ খনন কাৰ্য চলি থকা নাই বুলি স্পষ্ট কৰি দিয়ে।

শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত অঞ্চল পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বান আৰু ধলৰ প্ৰকৃত কাৰণ জানিবলৈ আৱেগ নহয়, বৈজ্ঞানিক অধ্যয়ন প্ৰয়োজন।

নাগালেণ্ডত চলি থকা খনন কাৰ্য সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰত তেওঁ স্পষ্ট কৰে যে, আইনীভাৱে অসমে আন এখন ৰাজ্যত চলি থকা কাম বন্ধ কৰিব নোৱাৰে। অৱশ্যে বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰা হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।

ইফালে, বান নিয়ন্ত্ৰণৰ দীৰ্ঘম্যাদী ব্যৱস্থাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ মতে, সংবেদনশীল অঞ্চলত সুৰক্ষামূলক মথাউৰি নিৰ্মাণৰ বাবে স্থানীয় ভূম্যধিকাৰীসকলৰ সহযোগিতা অতি প্ৰয়োজন।

তেওঁ লগতে কয়, ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত বহু ঠাইত পানী নিষ্কাশন ব্যৱস্থা ধীৰ হৈ পৰিছে। কিছুমান ৰাষ্ট্ৰীয় ঘাইপথেও পানীৰ স্বাভাৱিক গতি বাধাগ্ৰস্ত কৰিছে বুলি উল্লেখ কৰি, সেই স্থানসমূহত অতিৰিক্ত ক্ৰছ-ড্ৰেনেজ নিৰ্মাণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক অনুৰোধ জনোৱাৰ কথা কয়।

ইয়াৰ সমান্তৰালভাৱে, ৯ আগষ্টৰ পৰা বানপীড়িত ঘৰ-বাৰীৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন আৰম্ভ হ’ব বুলিও চৰকাৰে ঘোষণা কৰিছে, যাতে সাহায্য আৰু পুনৰসংস্থাপনৰ কাম অধিক খৰতকীয়া কৰিব পৰা যায়।

লগতে পঢ়ক : প্ৰচণ্ড বৰষুণ নেওচি আজিও বানপীড়িতৰ কাষত মুখ্যমন্ত্ৰী

Source link



Source link

Leave A Reply

Your email address will not be published.