ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ স্বাস্থ্যখণ্ডৰ সংস্কাৰ
আয়ুষ্মান ভাৰতৰ ধন ব্যৱহাৰৰ ক্ষেত্ৰত অসমৰ পদক্ষেপক ‘অত্যন্ত ব্যৱহাৰিক আৰু অনুকৰণীয় আৰ্হি’ বুলি প্ৰশংসা কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিষয়ক সংসদীয় স্থায়ী সমিতিয়ে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি, সমিতিয়ে ৰাজহুৱা হাস্পতালসমূহক এবি-পিএমজেএৱাই (AB-PMJAY)ৰ পৰিশোধৰ ধন ধৰি ৰাখি হাস্পতালৰ আন্তঃগাঁথনি, চিকিৎসা সঁজুলি আৰু ৰোগীৰ কল্যাণৰ বাবে পুনৰ বিনিয়োগ কৰাৰ অসমৰ ব্যৱস্থাক স্বীকৃতি দিছে।
কেৱল প্ৰশংসাতে থমকি ৰোৱা নাই সমিতি। দেশৰ অন্যান্য ৰাজহুৱা হাস্পতালেও যাতে এই পদ্ধতি গ্ৰহণ কৰিব পাৰে, তাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক SOP জাৰি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
সামাজিক মাধ্যম ‘X’-ত মুখ্যমন্ত্ৰীগৰাকীয়ে এই স্বীকৃতিৰ বাবে সমিতিৰ অধ্যক্ষ ৰাম গোপাল যাদৱ আৰু সদস্যসকলক কৃতজ্ঞতা জনায়।
তেওঁ কয়, অসমৰ এটা পদক্ষেপক দেশজুৰি গ্ৰহণযোগ্যতাৰ যোগ্য আৰ্হি হিচাপে স্বীকৃতি দিয়াটো ৰাজ্যখনৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়।
উল্লেখ্য, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB-PMJAY)-ৰ অধীনত যোগ্য পৰিয়ালে বছৰি ৫ লাখ টকা পৰ্যন্ত চিকিৎসা সুৰক্ষা লাভ কৰে। তালিকাভুক্ত হাস্পতালত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ চিকিৎসাৰ বাবে নগদহীন আৰু কাগজহীন সেৱাৰ সুবিধাও এই আঁচনিত আছে।
লগতে পঢ়ক : উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি
