Voice of Eastern India

অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ; চৰকাৰৰ নতুন ঘোষণা


অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰী সকলৰ বাবে এক ডাঙৰ খবৰ দিছে।

আজিৰে পৰা পুনৰ আৰম্ভ অৰুণোদয় ৩.০ আঁচনি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰত অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভণি কৰে। ৰাজ্যৰ ৩ হাজাৰতকৈ অধিক স্থানত অনুষ্ঠিত হয় এই কাৰ্যসূচী।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, বান বিধ্বস্ত অঞ্চলসমূহত এইবাৰ অৰুণোদয় হিতাধিকাৰীসকলে ২৫০০ টকাকৈ লাভ কৰিব। প্ৰায় ৩৭ লাখ মহিলাক লাভ কৰিব অৰুণোদয় ৩.০ আঁচনিৰ ধন। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে চলিত মাহত ১১০০ টকাকৈ লাভ কৰিব। চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ হিতাধিকাৰীয়ে লাভ কৰিব অতিৰিক্ত ধন। বান পৰিস্থিতিৰ বাবে ৪ জিলাৰ হিতাধিকাৰীয়ে পাব ২৫০০ টকা।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান প্ৰায় ৩৭ লাখ মহিলাক অৰুণোদয়ৰ অধীনত আৰ্থিক সাহাৰ্য প্ৰদান কৰি থকা হৈছে আৰু এপ্ৰিল মাহৰ পৰা ৯,০০০ টকাকৈ বিতৰণ কৰা হৈছে। চলিত বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰখনৰ অন্যতম শীৰ্ষ অগ্ৰাধিকাৰ লাভ কৰা বিষয়সমূহৰ ভিতৰত এই আঁচনিখনো অন্তৰ্ভুক্ত বুলি তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে অৰুণোদয়ৰ বেংক একাউন্টৰ সৈতে আধাৰ সংযোগ  কৰা হৈছে, যাতে জালিয়াতী প্ৰতিৰোধ কৰিব পৰা যায় আৰু প্ৰকৃত হিতাধিকাৰীসকলেহে এই সাহায্য লাভ  কৰিব পাৰে। আধাৰ সংযোগ নকৰা ২০,০০০ হাজাৰ মহিলাই এইবাৰ অৰুণোদয় লাভ নকৰিব।

হিতাধিকাৰীৰ কামসমূহ সহজ কৰিবৰ বাবে চৰকাৰে ‘অৰুণোদয় সাৰথি’ নিয়োগ কৰিছে। এই অৰুণোদয় সাৰথি সকলক বিশেষ দায়িত্ব অৰ্পণ কৰিছে, য’ত প্ৰতিটো অঞ্চলত এজনকৈ সাৰথিক হিতাধিকাৰীসকলক সহায় কৰিবলৈ আৰু আঁচনিখনৰ সৈতে জৰিত সমস্যাসমূহ সমাধানত সহায় কৰিবলৈ নিয়োজিত কৰা হৈছে।

অৰুণোদয় হিতাধিকাৰীৰ বাবে চৰকাৰে এক নতুন সুবিধা ঘোষণা কৰিছে। এতিয়াৰে পৰা অৰুণোদয় হিতাধিকাৰী সকলে আগধন হিচাপেও অৰুণোদয় আঁচনিৰ ধন ল’ব পাৰিব।

লগতে পঢ়ক: উত্তৰ অসমত বানৰ আতংক; ধেমাজিত হাহাকাৰ পৰিস্থিতি

Source link



Source link

Leave A Reply

Your email address will not be published.