এপি প্ৰডাকচনৰ “হোলীৰ ৰাধা” চিত্ৰগ্ৰহণ আনিয়া এডিচনত
গুৱাহাটী,১০ আগষ্ট: “শিল্পী কলা-কুশলীৰ সামাজিক দায়বদ্ধতাক সাধাৰণ জনতাই সদায় সন্মান প্ৰদান কৰি আহিছে সেয়া স্বাভাৱিক আৰু আকাংক্ষিতো। আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ পথাৰখন যথেষ্ট উৰ্বৰ আৰু ইয়াৰ লগত জড়িত সকলো ব্যক্তিৰেই জীৱন জীৱিকাৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি সকলোৱে হাতত হাত ধৰি আগবঢ়ি ওলাই আহিব লাগিব আৰু সমাজৰ উত্তৰণ ঘটাবই লাগিব”- এই মন্তব্য আগবঢ়াইছে এন ই হাইজিন চল্যুচনৰ পৰিচালন সঞ্চালক নৱ কামানে।
যোৱা ৯ আগষ্টৰ দিনা গুৱাহাটীৰ আনিয়া এডিচন লাক্সুৰি বটিকত এপি প্ৰডাকচনৰ বেনাৰ “হোলীৰ ৰাধা” শীৰ্ষক ভিডিঅ’ এলবামৰ চিত্ৰগ্ৰহণ আৰম্ভ হোৱাৰ শুভমুহুৰত কাৰ্যসূচীত অংশগ্ৰহণ কৰি যুৱ উদ্যোগী নৱ কামানে ইয়াৰ লগত জড়িত মোহময়ী অভিনেত্ৰী ধ্যানী মহন, অভিনেতা বুকুল আৰু সমূহ কলা-কূশলীক শুভেচ্ছা জ্ঞাপন কৰে।
তৃণামী প্ৰিয়ংকা আৰু অৰিন’ৰ কণ্ঠসমৃদ্ধ অসমীয়া গীত “হোলীৰ ৰাধা”ৰ পৰিচালক ড° অৰিন্দম প্ৰিন্স পাংগিঙে আঁতধৰা মুহূৰ্ত্তত আনিয়া এডিচনৰ পৰিচালন সঞ্চালক দেৱজিৎ কুমাৰ বৰুৱা,উদ্যমী মহিলা দিশা বৰুৱা, ভিডিঅ’গ্ৰাফাৰ বাদূৰ্য সেনাপতি, কৰিঅ’গ্ৰাফাৰ বাপন সিনহা, বাস্তৱ গগৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী লভিতা জেআৰ, ৰাহুল গগৈ, দিওক বৰুৱা, চোম বাহাদুৰ, পম্পী দাস আৰু বহু ন-পূৰণি নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰি শ্বুটিংপৰ্বৰ মাত্ৰা প্ৰদান কৰে।






