অসম-মেঘালয়ৰ বন্ধুত্বৰ উজ্জ্বল নিদৰ্শন! বান সাহায্যলৈ ১ কোটি টকা
ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও সীমাহীন দুদৰ্শাৰ মাজত দিন কটাব লগা হৈছে বন্যাৰ্তই । উজনিৰ বান প্ৰভাৱিত তিনিখন জিলাত এতিয়াও অবৰ্ণনীয় পৰিস্থিতি । এই কঠিন সময়ত চুবুৰীয়া ৰাজ্য মেঘালয়ে ৰাজ্যৰ বানাক্ৰান্তলৈ আগবঢ়ালে সহায়ৰ হাত । মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৰাজ্যখনে ১ কোটি টকাৰ অনুদান আগবঢ়াই পুনৰ এবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ঐক্যৰ ছবিখন স্পষ্ট কৰি তুলিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে জনায় যে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি টকাৰ অনুদান প্ৰদান কৰা হৈছে। বানাক্ৰান্ত লোকসকলৰ সাহায্য আৰু পুনৰসংস্থাপনৰ কামত এই ধন ব্যৱহাৰ কৰা হ’ব।
এক্স (X)-ত এই বিষয়ে পোষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু মেঘালয়ৰ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে এই কঠিন সময়ত মেঘালয়ে অসমৰ কাষত থিয় দিয়াটো প্ৰশংসনীয় পদক্ষেপ।
হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, এই সহায় কেৱল আৰ্থিক অনুদানেই নহয়, ই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত থকা ভাতৃত্ববোধ আৰু ঐক্যৰো এক শক্তিশালী নিদৰ্শন। সংকটৰ সময়ত ইজনে সিজনৰ কাষত থিয় দিয়াৰ এই মানসিকতাই সমগ্ৰ অঞ্চলটোক অধিক শক্তিশালী কৰি তোলে।
লগতে পঢ়ক : প্ৰচণ্ড বৰষুণ নেওচি আজিও বানপীড়িতৰ কাষত মুখ্যমন্ত্ৰী
