শিৱসাগৰৰ বানপীড়িতৰ কাষত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে ক’লে জুবিন গাৰ্গ এতিয়াও আছে…
‘জুবিন গাৰ্গ এতিয়াও আছে । সকলোৰে মাজত একো একোজন জুবিন গাৰ্গ প্ৰাণ পাই উঠিছে । জুবিনৰ শক্তিৰেই আমি কৰি আছো…’
বানপীড়িতৰ কাষত থিয় হৈ গৰিমা গাৰ্গে কোৱা কেইটামান কথাই এতিয়া বহুজনৰ হৃদয় চুই গৈছে। তেওঁৰ মতে, জুবিন গাৰ্গ, ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই এৰি যোৱা মানৱতাৰ বাৰ্তা আজিও অসমৰ মানুহৰ মাজত জীয়াই আছে।
দেওবাৰে, ৯ আগষ্টত শিৱসাগৰ নগৰৰ সমীপৰ বেতবাৰীত অনুষ্ঠিত এক সাহাৰ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত সংবাদ মাধ্যমৰ সৈতে কথা পাতি গৰিমা গাৰ্গে কয়, “জুবিন এতিয়াও আছে, কেৱল পথটোহে সলনি হৈছে।”
তেওঁৰ মতে, বানপীড়িতসকলক সহায় কৰিবলৈ সাধাৰণ মানুহে যি ধৰণে আগবাঢ়ি আহিছে, তাৰ মাজতেই জুবিনৰ উপস্থিতি অনুভৱ কৰিব পাৰি।

গৰিমা শইকীয়া গাৰ্গে কয়-“সকলোৰে মাজত একো একোজন জুবিন গাৰ্গ পুনৰ প্ৰাণ পাই উঠিছে । প্ৰতিজন মানুহেই একো একোজন জুবিন গাৰ্গ হৈ আহিছে । আমি জুবিনৰ শক্তিৰেই ওলাই আহিছো । জুবিন গাৰ্গ আছে বাবেই আমি তেওঁৰ হৈ ওলাই আহিছোঁ । মাত্ৰ মাধ্যম সলনি হৈছে, শক্তিৰ ৰূপান্তৰ হৈছে । জুবিন গাৰ্গ সদায় এনেদৰেই থাকিব ।“
লগতে তেওঁ কয়- ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাও যেন সকলোৰে মনত থিতাপি লৈছে, সকলোৱে তেখেতসকলৰ আদৰ্শ লৈ ওলাই আহিছে । মানুহ মানুহৰ বাবে ওলাই আহিছে সেয়া আটাইতকৈ ডাঙৰ শক্তি ।

মানৱ জাতিক উন্নয়ন লাগিবই কিন্তু সেই উন্নয়ন প্ৰকৃতিক প্ৰহাৰ কৰি নহয় বুলিও মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে । তেওঁ কয় যে, প্ৰকৃতিক আমি যিমান প্ৰহাৰ কৰিম প্ৰকৃতিয়েও সিমান আমাক সংহাৰী ৰূপ দেখাই যাব । এই দুৰ্যোগ একো একোটা উদাহৰণহে, ইয়াৰ পৰা সকলোৱে শিক্ষা লবৰ হ’ল বুলি উল্লেখ কৰে তেওঁ ।
লগতে পঢ়ক : বন্যাৰ্তৰ দুখ দেখি হুকহুকাই কান্দি উঠিল শুকুৰ আলী
