অমৃতপ্ৰভা মহন্তৰ জামিনৰ বাবে ক্ষোভ উজাৰিলে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে। তেওঁ কয় যে, জুবিন গাৰ্গৰ জীৱনৰ মূল্য কেৱল ৫০ হাজাৰ টকাহে নেকি?
জুবিন ক্ষেত্ৰত উপস্থিত হৈ অমৃতপ্ৰভা মহন্তৰ জামিনৰ বাবে ক্ষোভ উজাৰিলে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে। তেওঁ কয় যে, জুবিন গাৰ্গৰ জীৱনৰ মূল্য কেৱল ৫০ হাজাৰ নেকি? ৫০ হাজাৰ টকা দি জামিন লাভ যে কৰিলে জুবিন গাৰ্গ ৫০ হাজাৰ টকীয়া ব্যক্তি নেকি? এিটো কথাৰে কি বুজাব বিচাৰিছে। জুবিন গাৰ্গৰেই যদি এই অৱস্থা হয়, তেন্তে আমি টো পিয়াজৰ বাকলিৰ দৰে উৰি যাম। জুবিন গাৰ্গৰ হত্যাকাৰীক বচাবলৈ অসমীয়া মানুহেই দিন-ৰাতি একাকাৰ কৰি আছে।
তেওঁ লগতে কয়, যিগৰাকী অধিবক্তাই জুবিন গাৰ্গৰ হত্যাকাৰীক জামিন দিয়াত সহায় কৰিলে তেওঁক দৰাচলতে এটা ডাঙৰ মেডেল দিয়া উচিত। এই জামিনে হত্যাকাৰী সকলৰ উ সাহ যোগোৱা কাম কৰিছে। তেওঁলোক যদি নিৰ্দোষী তেনেহলে চাৰ্জফ্ৰেম কিয় বনোৱা হৈছিল। এতিয়া আমাৰ খং উঠা নাই এতিয়া আমাৰ লাজ লাগিছে। অসমৰ ৰাইজৰ চকুপানীৰ কোনো অৰ্থ নোহোৱা হ’ল।
তেওঁ আৰু কয় যে, জুবিন গাৰ্গে অসমৰ কাৰণে ইমান খিনি কৰি গ’ল কিন্তু আমি তেওঁক ন্যায় দিব পৰা নাই এতিয়ালৈকে। ন্যায় দিয়াটো দূৰৰে কথা জুবিন গাৰ্গৰ হত্যাকাৰী এতিয়া মুকলি আকাশৰ তলত আছে। কিছু দিনৰ পিছত এই সকলক মঞ্চত আনি গামোছা পিন্ধা গান গোৱালেও আচৰিত হ’ব লগা একো নাই। আমাৰ কেৱল এটাই দাবী যে, হত্যাকাৰীয়ে শাস্তি পাবই লাগিব। এই জামিনক আমি মানি নলও।
লগতে পঢ়ক: “মোৰ দাদাই ন্যায় পাব নে ?”; পামী বৰঠাকুৰৰ বিস্ফোৰক মন্তব্য
