Voice of Eastern India

টিএমপিকেৰ জোনাই অধিৱেশনত মন্ত্ৰী ডাঃ ৰণোজ পেগু


 

 

TMPK’s 17th Trinial Conference 2026 Jonai

ABKK Kamrupa, Jonai, 12th July 2026: ধেমাজি জিলাৰ জোনাই মিচিং কৃষ্টি ভৱনত ৯ জুলাইৰ পৰা অনুষ্ঠিত হৈ অহা টাকাম মিচিং পৰিণ কেবাঙৰ (TMPK)-ৰ ১৭ সংখ্যক সাধাৰণ অধিৱেশনৰ অন্তিম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধায়কসকল ক্ৰমে ভূৱন পেগু, নৱ কুমাৰ দলে আৰু ভূৱন গাম।

১৯৭১ চনত প্ৰতিষ্ঠা লাভ কৰা মিচিং ছাত্ৰ সংগঠনটোৱে সুদীৰ্ঘ পাঁচটা দশক ধৰি মিচিং সমাজৰ সৰ্বাংগীণ উন্নয়ন, যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু সুস্থ সামাজিক চেতনাৰ বিকাশৰ ক্ষেত্ৰত পালন কৰি অহা অগ্ৰণী ভূমিকাৰ শলাগ লৈছোঁ। শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা-সংস্কৃতিৰ সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰ তথা আশা-আকাংক্ষাৰ হকে মিচিং ছাত্ৰ সংগঠনটোৱে সদায়ে সক্ৰিয় ভূমিকা পালন কৰিব বুলি আশা ব্যক্ত কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

অনুষ্ঠানত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিষয়-ববীয়া, মিচিং জাতীয় দল সংগঠনৰ নেতৃবৃন্দৰ লগতে টি এম পি কেৰ সভাপতি শ্ৰীতিলক দলে, সাধাৰণ সম্পাদক চান দঞি পাংগিং প্ৰমুখ্যে সংগঠনটোৰ আন নেতা-সদস্যসকল উপস্থিত থাকে।



Source link

Leave A Reply

Your email address will not be published.