Voice of Eastern India

দেৱাশীষ শৰ্মাৰ মহানুভৱতা; নিজৰ বাহনত চিকিৎসালয়লৈ প্ৰেৰণ  দুৰ্ঘটনাত পতিত লোকক  


নগাঁৱৰ পৰা মৰিগাঁও অভিমুখী পথত দুৰ্ঘটনাত পতিত হোৱা এজন লোকক উদ্ধাৰ কৰে নৱনিৰ্বাচিত সাংসদ দেৱাশীষ শৰ্মাই।

নগাঁও লোকসভা সমষ্টিৰ নৱ-নিৰ্বাচিত সাংসদ দেৱাশীষ শৰ্মাই এক মহানুভৱতা দেখুৱাই। ১২ অক্টোবৰৰ নগাঁও-মৰিগাঁও পথৰ দাঁতিত দুৰ্ঘটনাত পতিত এজন লোকক সংকটজনক অৱস্থাত প্ৰত্যক্ষ কৰি সহায়ৰ হাত আগবঢ়ায়।

জানিব পৰা মতে, উক্ত পথেৰে গৈ থকা অৱস্থাত নৱ-নিৰ্বাচিত সাংসদ গৰাকীয়ে আঘাতপ্ৰাপ্ত লোকজনক পথৰ দাঁতিত পৰি থকা দেখা পায়। তেওঁ লগে লগে নিজৰ বাহনখনৰ পৰা নামি আঘাতপ্ৰাপ্ত লোকজনক নিজেই সাংসদ গৰাকীৰ বাহনত উঠাই চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে।

দুৰ্ঘটনাগ্ৰস্ত লোকজনৰ পৰিচয় আৰু স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে সবিশেষ তথ্য  জানিব পৰা হোৱা নাই।

লগতে পঢ়ক: Nagaon Lok Sabha bypoll Result: নগাঁৱৰ নিৰ্বাচনী যুঁজত বিজেপিৰ বাজিমাৎ, নগাঁৱত দেৱাশীষ শৰ্মাৰ বৃহৎ জয়

Source link



Source link

Leave A Reply

Your email address will not be published.