Voice of Eastern India

নেপালত সন্ধানহীন অসমৰ দুই যুৱক


বুধবাৰে নেপালত অহা প্ৰলয়ংকৰী বানত সন্ধানহীন হৈ আছে অসমৰ দুই যুৱক। এই দুই যুৱকক মন্ত্ৰী বসুমতাৰী আৰু ঋতুৰাজ ব্ৰহ্ম বুলি চিনাক্ত কৰা হৈছে।

নেপালৰ প্ৰলয়ংকৰী বানত সন্ধানহীন হৈ আছে কাৰ্বি আংলঙৰ লাংহিনৰ দুই যুৱক । এই দুই যুৱকক মন্ত্ৰী বসুমতাৰী আৰু ঋতুৰাজ ব্ৰহ্ম বুলি চিনাক্ত কৰা হৈছে। ১৫ দিন পূৰ্বে জীৱিকাৰ সন্ধানত গাঁৱৰে আন এজন সতীৰ্থ সোমেশ্বৰ নাৰ্জাৰীৰ সৈতে নেপাললৈ ৰাওনা হৈছিল ঋতুপৰ্ণ আৰু মন্ত্ৰী। কিন্তু ২৬ আগষ্টৰ পৰা সন্ধান নাই দুই যুৱকৰ ।

ত্ৰিশূল নদীৰ কাষত থকা Hydro Electrical Project নামৰ কোম্পানীত কৰ্মৰত আছিল যুৱক দুজন। ২৬ আগষ্টৰ প্ৰলয়ংকাৰী বানৰ পিছৰে পৰা দুই যুৱকৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে। দুয়োটা পৰিয়ালত এতিয়া হাহাকাৰ পৰিৱেশ । দুই যুৱকৰ পৰিয়ালে ইতিমধ্যে ডকমকা আৰক্ষী থানাৰ যোগেদি প্ৰশাসনক সমগ্ৰ বিষয়টো জানিবলৈ দিছে।

লগতে পঢ়ক: দিল্লীত উপস্থিত হ’ল নেপালৰ বানত উদ্ধাৰ ২১ গৰাকী ভাৰতীয়; এতিয়াও সন্ধানহীন ৩২০   

Source link



Source link

Leave A Reply

Your email address will not be published.