Voice of Eastern India

বানত সৰ্বস্ব হেৰুওৱা ১৮ পৰিয়ালৰ নতুন ঠিকনা ‘জুবিন নগৰ’


বানত সৰ্বস্ব হেৰুওৱা ১৮ পৰিয়ালৰ মুখত হাঁহি! আমগুৰিত গঢ়ি উঠিল জুবিন নগৰ

য’ত আছিল কেৱল বানৰ ধ্বংসৰ চিন, আজি তাতেই গঢ়ি উঠিছে ১৮টা নতুন ঘৰ। শিৱসাগৰৰ আমগুৰিৰ শান্তিবনত সৃষ্টি হৈছে এক নতুন আশাৰ ঠিকনা- ‘জুবিন নগৰ’।

জাঁজী নদীৰ প্ৰলয়ংকৰী বানে আমগুৰি পৌৰসভাৰ ২ নং ৱাৰ্ডৰ ১৮টা পৰিয়ালৰ ঘৰ-বাৰী উটুৱাই নিয়াৰ পিছত গৃহহীন হৈ পৰিছিল পৰিয়ালকেইটা। মূৰ গুঁজিবলৈ ঠাই নোহোৱা এই লোকসকলৰ কাষত থিয় দিছিল ইনফ্লুৱেঞ্চাৰ মি: বিতু।

বানত সৰ্বস্ব হেৰুওৱা পৰিয়ালকেইটাক পুনৰ নিৰাপদ আশ্ৰয় দিয়াৰ লক্ষ্যৰে মি: বিতুৱে নিজাববীয়াকৈ আৰম্ভ কৰিছিল এক ব্যতিক্ৰমী মানৱীয় পদক্ষেপ। তেওঁৰ উদ্যোগত নিৰ্মাণ কৰা হয় ১৮টাকৈ নতুন বাসগৃহ।

দেওবাৰে পুৱতি নিশা প্ৰায় ৩ বজালৈকে মি: বিতু আৰু তেওঁৰ সহযোগীসকলে চলোৱা অক্লান্ত প্ৰচেষ্টাৰ অন্তত সম্পূৰ্ণ হয় ঘৰসমূহৰ নিৰ্মাণকাৰ্য। অৱশেষত ১৮টা পৰিয়ালে লাভ কৰে এক নিৰাপদ আশ্ৰয়।

ইয়াৰ পিছতে এই নতুন আৱাসিক এলেকাটোক অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মানৱীয় আদৰ্শৰ প্ৰতি সন্মান জনাই ‘জুবিন নগৰ’ নামেৰে নামকৰণ কৰা হয়।

জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে ফিটা কাটি আনুষ্ঠানিকভাৱে ‘জুবিন নগৰ’ মুকলি কৰে।

‘জুবিনদাই সকলো কৰিছে, মি: বিতুৱে একো কৰা নাই…’- আবেগিক হৈ পৰা মি: বিতুৱে এই মন্তব্যৰে নিজৰ অৱদানৰ কৃতিত্বও জুবিন গাৰ্গৰ আদৰ্শলৈয়ে আগবঢ়ালে।

‘জুবিন নগৰ’ মুকলি কৰাৰ মুহূৰ্তত আৱেগিক হৈ পৰে মি: বিতু। বানত সকলো হেৰুওৱা ১৮টা পৰিয়ালৰ মুখত হাঁহি বিৰিঙাই এতিয়া আমগুৰিত সৃষ্টি হৈছে আশাৰ এক নতুন ঠিকনা- ‘জুবিন নগৰ’।

লগতে পঢ়ক : ‘জুবিন গাৰ্গ এতিয়াও আছে…’ শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত গৰিমা শইকীয়া গাৰ্গ

Source link



Source link

Leave A Reply

Your email address will not be published.