মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দ্ৰুত বান ক্ষতি মূল্যাংকনৰ বাবে বিকশিত কৰা এটা ম’বাইল এপ্লিকেশ্বনৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে।
অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৭ আগষ্টত চাৰিখন বানাক্ৰান্ত জিলাত উত্তৰ-দুৰ্যোগ প্ৰয়োজনীয়তা মূল্যাংকন (PDNA) কাঠামোৰ অধীনত দ্ৰুত বান ক্ষতি মূল্যাংকনৰ বাবে বিকশিত কৰা এটা ম’বাইল এপ্লিকেশ্বনৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে।
ক্ষয়-ক্ষতিৰ পৰিমাণ মূল্যাংকন কৰিবলৈ ৰাজ্য চৰকাৰে ৯ আগষ্টৰ পৰা ৩০ আগষ্টলৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বানাক্ৰান্ত পৰিয়ালসমূহৰ ঘৰে ঘৰে গৈ এক সমীক্ষা চলাব।
এই প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্দেশ্য হৈছে বান সংক্ৰান্তীয় লোকচানৰ খৰতকীয়া আৰু সঠিক মূল্যাংকনৰ বাবে চৰকাৰী বিষয়াসকলক ম’বাইল এপ্লিকেশ্বনটো ব্যৱহাৰৰ বাবে দক্ষ কৰি তোলা। ৰাহাত আৰু পুনৰসংস্থাপনৰ পৰিকল্পনাৰ বাবে ডিজিটেল ৰেকৰ্ড প্ৰস্তুত কৰিবলৈ বিষয়াসকলে এই নিৰ্ধাৰিত এপটোৰ জৰিয়তে ক্ষতিগ্রস্ত ঘৰ-দুৱাৰ আৰু সম্পত্তিৰ আলোকচিত্ৰ আপলোড কৰিব।
মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্ত (DC), সহ-জিলা আয়ুক্ত (CDC) আৰু চক্ৰ বিষয়াসকলক সমীক্ষাৰ সময়ত সহানুভূতিশীল দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আৰু কোনো প্ৰভাৱিত পৰিয়াল যাতে বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
৩০ আগষ্টৰ ভিতৰত প্ৰাথমিক মূল্যাংকন সম্পূৰ্ণ কৰা হ’ব আৰু তাৰ পিছত ৰাহাত চূড়ান্ত কৰাৰ পূৰ্বে প্ৰভাৱিত পৰিয়ালসমূহৰ সৈতে পুনৰ সত্যতা নিৰূপণ (reverification) কৰা হ’ব। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে প্ৰতিটো প্ৰকৃত লোকচানৰ মূল্যাংকন কৰা আৰু বিদ্যমান নিয়ম অনুসৰি সম্ভৱপৰ সৰ্বোচ্চ ৰাহাত প্ৰদান কৰাই হৈছে চৰকাৰৰ মূল নীতি।
এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত, বিভাগটোৰ জ্যেষ্ঠ বিষয়া আৰু চাৰিওখন জিলাৰ জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে।
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ পূৰ্বাঞ্চল চিমেণ্ট লিমিটেডৰ ২১,০০,০০০ টকাৰ অনুদান
