Voice of Eastern India

বানপীড়িতৰ ক্ষোভৰ সন্মুখীন অখিল গগৈ! কিয় গালি খালে বিধায়কগৰাকীয়ে?


বিধায়ককেই গালি! বানপীড়িত ৰাইজৰ ক্ষোভত কি ক’লে অখিল গগৈয়ে?

“কালি প্ৰথমবাৰৰ বাবে শিৱসাগৰৰ বানপীড়িতৰ পৰা গালি খালোঁ!” — শিৱসাগৰৰ বানপীড়িত ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈ এইদৰে নিজৰ অভিজ্ঞতা প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

১১ আগষ্টত ছ’চিয়েল মিডিয়াত দিয়া এটা প’ষ্টত বিধায়ক গগৈয়ে কয় যে, শিৱসাগৰৰ মগৰাহাট পঞ্চায়তৰ অন্তৰ্গত আইলামুখ গাঁও ভ্ৰমণৰ সময়ত ৰাধিকা নামৰ এগৰাকী মহিলাই তেওঁক তীব্ৰভাৱে সমালোচনা কৰে।

বানপীড়িত এলেকালৈ পলমকৈ অহা, পৰ্যাপ্ত চৰকাৰী সাহায্য নোপোৱা আৰু চৰকাৰৰ ১৫ হাজাৰ টকাৰ তাৎক্ষণিক সাহায্যৰ পৰা কিছুমান পৰিয়ালৰ নাম বাদ পৰাক লৈ মহিলাগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে। লগতে দলৰ কেইগৰাকীমান স্থানীয় কৰ্মীৰ কাম-কাজক লৈও আপত্তি জনায়।

গগৈয়ে কয়, এই “গালি” কোনো ব্যক্তিগত ক্ষোভৰ ফল নাছিল। বানত ক্ষতিগ্ৰস্ত মানুহৰ দুখ, হতাশা আৰু জমা হৈ থকা ক্ষোভৰ পৰাই এই প্ৰতিক্ৰিয়া আহিছিল।

তেওঁৰ সতীৰ্থসকলে এই ঘটনাত অসন্তুষ্ট আৰু ক্ষুব্ধ হৈছিল যদিও গগৈয়ে বিষয়টো ইতিবাচকভাৱে লোৱাৰ কথা কয়।

তেওঁৰ মতে, বিৰোধীয়ে চৰকাৰক সমালোচনা কৰি যেনেকৈ সঠিক পথ দেখুৱায়, তেনেদৰে ৰাইজৰ ক্ষোভ আৰু অভিযোগেও জনপ্ৰতিনিধিক জবাবদিহী কৰি ৰাখে।

গগৈয়ে লগতে কয় যে, বিধায়ক হিচাপে কাৰ্যকালত বানপীড়িত ৰাইজৰ পৰা এনেদৰে প্ৰত্যক্ষ সমালোচনা পোৱা এয়াই তেওঁৰ প্ৰথম অভিজ্ঞতা। তেওঁৰ মতে, এই ঘটনাই ক্ষতিগ্ৰস্ত মানুহৰ কথা পোনপটীয়াকৈ শুনাৰ গুৰুত্ব আকৌ এবাৰ স্পষ্ট কৰিলে।

ফেচবুকত বিধায়কগৰাকীয়ে লিখিছে- “কালি প্ৰথমবাৰৰ বাবে শিৱসাগৰৰ বানপীড়িতৰ পৰা গালি খালোঁ। মগৰাহাট পঞ্চায়তৰ আইলামুখৰ ৰাধিকা বাইদেৱে তামাম গালি দিলে। দেৰিকৈ খবৰ ল’বলৈ অহা বাবে, গাঁওখনৰ ৰাধিকা বাইদেউহঁতৰ চুবুৰীটোৱে কমকৈ চৰকাৰী সাহায‍্য পোৱা বাবে, ১৫ হাজাৰ টকাৰ তৎকালিন চৰকাৰী সাহায‍্যত চুবুৰীটোৰ মানুহৰ নাম নোসোমোৱা বাবে আৰু আমাৰ দলৰ কেইগৰাকীমান স্থানীয় কৰ্মীৰ কাম-কাজৰ বিৰুদ্ধে আছিল ৰাধিকা বাইদেৱৰ কৰ্কথনা । গালি মানে তীব্ৰ ক্ষোভৰ গালি। স্বতঃস্ফূৰ্ত ক্ষোভ আছিল সেয়া। মাজে মাজে ওভত মাতো মাতিছিল বাইদেৱে। মুঠতে বিধায়কে বানপানীৰ সময়ত খোৱা গালি মই জীৱনত প্ৰথম খালোঁ!

মোৰ লগৰবোৰে গালি শুনি বেয়া পাইছিল, খং উঠিছিল সিহঁতৰো, কিন্তু মই সেই গালি যোগাত্মক দৃষ্টিৰে চাইছিলোঁ। গাঁওখনৰ প্ৰলয়পীড়িত মানুহবোৰৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ বুলি বুজিছিলোঁ। বিৰোধীৰ সমালোচনাই যেনেকৈ চৰকাৰক সঠিক পথ দেখুৱাই, ৰাইজৰ গালিয়েও জনপ্ৰতিনিধিক চিধা কৰি ৰাখে।“

লগতে পঢ়ক : ‘অসমৰ এক ইঞ্চি মাটিও এৰি নিদিওঁ’; অসম-অৰুণাচল ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

Source link



Source link

Leave A Reply

Your email address will not be published.