মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰাণে মৰাৰ ভাবুকি দিয়া আব্দুল মোতালেব।
আৰক্ষীৰ জালত পৰিল মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ ভাবুকি দিয়া আব্দুল মোতালেব। মৰিগাঁৱৰ ভুৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ আব্দুল মোতালেবক। ১ কোটি টকা দিলেই হত্যা কৰিব বুলি ভাবুকি দিছিল মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীৰ ফেচবুক পেজত আব্দুল মোতালেবে দিছিল ভাবুকি। স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ লাইভ চলি থকাৰ সময়তে লাইভ অনুষ্ঠানৰ কমেণ্টত মুখ্যমন্ত্ৰীগৰাকীক ভাবুকি দিছিল এই লোকজনে।
কমেণ্টত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিও দিছিল আব্দুল মোতালেব নামৰ একাউণ্টধাৰীজনে। লগতে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি অশালীন শব্দও ব্যৱহাৰ কৰে।অৱশ্যে গ্ৰেপ্তাৰৰ পিছতেই আব্দুলে কমেণ্ট কৰা নাই বুলি মন্তব্য কৰিছে।
লগতে পঢ়ক: ‘১ কোটি টকা দিলেই…’; ফেচবুক লাইভতে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি
