আজিও অপৰিৱৰ্তিত অৱস্থাত আছে উজনি অসমৰ বান পৰিস্থিতি। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা শেহতীয়া তথ্য অনুসৰি, মঙলবাৰে নিশা অসমৰ বান পৰিস্থিতি আৰু অধিক অৱনতি ঘটিছে।
ৰাজ্যত অব্যাহত আছে বান বিভীষিকা।উজনিত আজিও অপৰিৱৰ্তিত অৱস্থাত আছে বান পৰিস্থিতি। পুনৰ বাঢ়িছে দিখৌ নৈৰ লগতে কেইবাখনো নৈৰ জলস্তৰ। নাজিৰাত উদ্ধাৰ হৈয়ে আছে ইটোৰ পাছত সিটো মৃতদেহ।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-এ প্ৰকাশ কৰা শেহতীয়া বান বুলেটিন অনুসৰি, যোৱা ২৪ ঘণ্টাত আৰু ২১ জন লোকৰ মৃত্যু হোৱাৰ ফলত মঙ্গলবাৰে নিশা অসমৰ বান পৰিস্থিতি অধিক অৱনত হৈ পৰে। ইয়াৰ লগে লগে ৰাজ্যখনত মুঠ মৃতকৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি পাইছে।
শেহতীয়াকৈ নিশ্চিত হোৱা মৃতসকলৰ ভিতৰত আটাইতকৈ বেছি শিৱসাগৰ জিলাত ১৩ জন, চৰাইদেউত ৫ জন, গোলাঘাটত ২ জন আৰু যোৰহাটত ১ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যৰ ১৬ খন জিলা—শিৱসাগৰ, যোৰহাট, চৰাইদেউ, গোলাঘাট, ডিব্ৰুগড়, ধেমাজি, লক্ষীমপুৰ, শোণিতপুৰ, বিশ্বনাথ, উদালগুৰি, হোজাই, নগাঁও, কামৰূপ, কামৰূপ (মেট্ৰ’), তিনিচুকীয়া আৰু কাৰ্বি আংলঙৰ ৫.৬৪ লাখতকৈও অধিক লোক বৰ্তমান বানৰ কবলত পৰিছে।
ASDMA-ৰ মতে, প্ৰলংকাৰী বানৰ ফলত ৪৪ টা ৰাজহ চক্ৰৰ ৮৭২ খন গাঁও প্লাবিত হৈছে। ইফালে ২৪,২১০ হেক্টৰ কৃষিভূমি জলমগ্ন হৈ পৰাৰ ফলত শস্যৰ ব্যাপক ক্ষতি হৈছে।
শিৱসাগৰ জিলাখন এতিয়াও আটাইতকৈ বেছি প্ৰভাৱিত জিলা হৈ আছে, য’ত ৩.৫৯ লাখতকৈও অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। যোৰহাটত ৮৭,৬৬২ জন, চৰাইদেউত ৭২,৬৪৬ জন, ডিব্ৰুগড়ত ১৮,৬১৫ জন আৰু গোলাঘাটত ১৬,৭৯৯ জন লোক প্ৰভাৱিত হৈছে।
গৃহহীন হৈ পৰা পৰিয়ালসমূহক সাহায্য প্ৰদানৰ বাবে জিলা প্ৰশাসনে ২৭৩ টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে, য’ত বৰ্তমান ১.১৪ লাখৰো অধিক লোকে আশ্ৰয় লৈ আছে।
বানপ্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য কাৰ্যসূচী তীব্ৰতৰ কৰি তোলা হৈছে। ভাৰতীয় সেনাবাহিনী, ভাৰতীয় বায়ুগ্ৰাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বল (NDRF), ৰাজ্যিক দুৰ্যোগ সঁহাৰি বল (SDRF), অসম আৰক্ষী আৰু জিলা প্ৰশাসনে যৌথভাৱে লোকসকলক স্থানান্তৰ আৰু সাহায্য প্ৰদানৰ কাম চলাই আছে।
শিৱসাগৰ জিলাত বৰ্তমানেও অব্যাহত আছে বান বিভীষিকা। বানৰ বাবে ১৯টাকৈ অঞ্চলত কৰ্তন কৰি দিয়া হৈছে বিদ্যুৎ। পানবেচা, দিচাংমুখ, বানমুখ,বাঢ়ৈটিং,কাথপাৰ, খাতপথাৰ, আখৈফুটীয়া, ৰজাবাৰী, নাওজান, দিচাংঘাট, চিঙিবিল, বেতবাৰি, কোঁৱৰগাঁও, চেঙেলীবাৰী, চেতিয়া গাওঁ, দয়াচাৰিআলি, দগাঁও, নপামচেটিয়া গাঁও, দ নিমাইজান আদি অঞ্চলত সাময়িকভাৱে ব্যাহত কৰা হৈছে বিদ্যুৎ সেৱা।
বুধবাৰে পুৱাৰে পৰা অহা ধাৰাষাৰ বৰষুণৰ ফলত কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে। আনহাতে বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি উজনিলৈ যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
লগতে পঢ়ক: বান-বৰষুণৰ তাণ্ডৱ: প্ৰশাসনৰ ডাঙৰ সিদ্ধান্ত!
