২ আগষ্টৰ পৰা ৰাজ্যজুৰি ২০২৭ চনৰ লোকপিয়লৰ স্ব-গণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব
২ আগষ্টৰ পৰা অসমত আৰম্ভ হ’ব ২০২৭ চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়। এইবাৰ লোকপিয়লৰ বাবে ঘৰলৈ গণনাকাৰী অহাৰ আগতেই মোবাইলৰ জৰিয়তে নিজেই নিজৰ তথ্য দাখিল কৰিব পাৰিব ।
লোকপিয়ল পৰিচালন সঞ্চালকালয়ে শনিবাৰে ঘোষণা কৰে যে ২ আগষ্টৰ পৰা ৰাজ্যজুৰি ‘২০২৭ চনৰ লোকপিয়ল’ৰ স্ব-গণনা (Self-Enumeration) প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰ জৰিয়তে নাগৰিকসকলে অনলাইন প’ৰ্টেল বা স্মাৰ্টফোন ব্যৱহাৰ কৰি নিজৰ তথ্য নিজেই দাখিল কৰিব পাৰিব।
অৱশ্যে, বৰ্তমানৰ বান পৰিস্থিতিৰ বাবে উজনি অসমৰ দুখন বানপীড়িত জিলাত এই প্ৰক্ৰিয়া লগে লগে আৰম্ভ নহ’ব।
জনতা ভৱনত অনুষ্ঠিত সংবাদমেলত লোকপিয়ল পৰিচালন সঞ্চালক বিশ্বজিত পেগুৱে জনায় যে এই লোকপিয়ল দুটা পৰ্যায়ত সম্পন্ন কৰা হ’ব। প্ৰথম পৰ্যায়ৰ স্ব-গণনা ২ আগষ্টৰ পৰা ১৬ আগষ্টলৈ চলিব। তাৰ পিছত ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ ‘গৃহ লোকপিয়ল’ অনুষ্ঠিত হ’ব। এই সময়ছোৱাত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ বিভিন্ন তথ্য সংগ্ৰহ কৰিব।
লোকপিয়লৰ সময়ত সংগ্ৰহ কৰা সকলো তথ্য সম্পূৰ্ণ গোপনীয়ভাৱে সংৰক্ষণ কৰা হ’ব বুলি আশ্বাস দিয়ে বিষয়াগৰাকীয়ে। এই তথ্যসমূহ ৰাষ্ট্ৰীয় ডাটা চেণ্টাৰত সুৰক্ষিতভাৱে ৰখা হ’ব আৰু কোনো ব্যক্তি বা সংস্থাক হস্তান্তৰ কৰা নহয়।
এইবাৰৰ লোকপিয়লত অসমৰ ৩৫ খন জিলাৰ ১৬৬ খন মহকুমা আৰু ২৬,২৩৬ খন গাঁও সামৰি লোৱা হৈছে। ইতিমধ্যে ৫৯ গৰাকী মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণো সম্পূৰ্ণ কৰা হৈছে।
লোকপিয়লৰ প্ৰশ্নসূচীত থাকিব ৩৩টা প্ৰশ্ন। ইয়াত ঘৰৰ ধৰণ, পৰিয়ালৰ সদস্যৰ সংখ্যা, গৃহৰ মুৰব্বীৰ পৰিচয়, খোৱাপানীৰ উৎস, ৰান্ধনিঘৰৰ ব্যৱস্থা, LPG বা PNG সংযোগকে ধৰি বিভিন্ন ঘৰুৱা সুবিধাৰ তথ্য সংগ্ৰহ কৰা হ’ব।
বিশেষ কথা হৈছে, স্ব-গণনা প্লেটফৰ্মটো অসমীয়াকে ধৰি ১৬টা ভাষাত উপলব্ধ থাকিব। সেয়েহে মোবাইলৰ জৰিয়তেই সহজে নিজৰ তথ্য দাখিল কৰিব পাৰিব।
লোকপিয়ল সম্পৰ্কে কোনো সহায় বা অধিক তথ্যৰ প্ৰয়োজন হ’লে টোল-ফ্ৰী হেল্পলাইন নম্বৰ ১৮৫৫-ত যোগাযোগ কৰিব পাৰিব বুলি বিষয়াগৰাকীয়ে জনায়। লগতে সকলো নাগৰিককে শুদ্ধ তথ্য দি এই ৰাষ্ট্ৰীয় কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
লগতে পঢ়ক : অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ; চৰকাৰৰ নতুন ঘোষণা
