২৭ আগষ্টত ৰাজ্যৰ পাঁচখন জিলাত স্থানীয় বন্ধ ঘোষণা। সবিশেষ জানক-
ৰাজ্যৰ পাঁচখনকৈ জিলাত ঘোষণা কৰা স্থানীয় বন্ধৰ। স্থানীয় বন্ধক লৈ প্ৰশাসনে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ তথা BTC-ৰ অধীনৰ পাঁচখন জিলাত ঘোষণা কৰা হৈছে এই স্থানীয় বন্ধৰ। BTC-ৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা এক জাননী অনুসৰি কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাত এই বন্ধ পালন কৰা হ’ব (BTC Local Holiday)।
BTC-ৰ টেৰিটৰিয়েল কাউন্সিল লেজিছলেটিভ এছেম্বলী (BTCLA)-ৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ২৭ আগষ্টত এই পাঁচখন জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে (BTC Administration)।
এই বন্ধ BTC-ৰ অধীনস্থ বিভাগীয় কাৰ্যালয়সমূহৰ লগতে আয়ুক্ত আৰু মহকুমাধিপতিৰ কাৰ্যালয়ত প্ৰযোজ্য হ’ব। বিদ্যালয়, মহাবিদ্যালয় আৰু পৰীক্ষা কেন্দ্ৰসমূহত এই বন্ধ কাৰ্যকৰী নহয়। পৰীক্ষাৰ সৈতে জড়িত দায়িত্বত নিয়োজিত ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী, লগতে লোকপিয়লৰ কামত জড়িত কৰ্মচাৰীসকল এই বন্ধৰ আওতালৈ নাহে (BTC Five Districts Holiday)।
লগতে সদ্য প্ৰয়াত উপাধ্যক্ষগৰাকীৰ প্ৰতি সন্মান জনাই BTC-এ ২৭ আৰু ২৮ আগষ্টত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখাৰো নিৰ্দেশ দিছে। এই নিৰ্দেশ সেই সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু অন্যান্য প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব, য’ত সাধাৰণতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।
লগতে পঢ়ক: মানসজ্যোতি চেতিয়াৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
