Voice of Eastern India

অফিচলৈ যাব নালাগে, মোবাইলতে দিব পাৰিব অভিযোগ!


মহিলা আয়োগৰ নতুন এপ মুকলি! মোবাইলতে অভিযোগ, দূৰ হ’ল অফিচলৈ যোৱাৰ হেঁচা

অসম ৰাজ্যিক মহিলা আয়োগে (ASCW) মহিলাসকলৰ সুবিধাৰ বাবে মুকলি কৰিলে এটা বিশেষ ম’বাইল এপ্লিকেশ্যন। মঙলবাৰে, ১১ আগষ্টত ASCWৰ কাৰ্যালয়ত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে আনুষ্ঠানিকভাৱে এপটো মুকলি কৰে।

বিশেষকৈ দূৰৱৰ্তী অঞ্চলত থকা বা কোনো কাৰণত আয়োগৰ কাৰ্যালয়লৈ আহিব নোৱাৰা মহিলাসকলৰ বাবে এই এপটো যথেষ্ট সহায়ক হ’ব বুলি আশা কৰা হৈছে।

কেনেকৈ কাম কৰিব এপটোৱে?

নিজৰ স্মাৰ্টফোনৰ জৰিয়তে পোনপটীয়াকৈ অভিযোগ দাখিল কৰিব পাৰিব। ASCWৰ অধ্যক্ষ আঙুৰলতা ডেকাই জানিবলৈ দিয়া অনুসৰি, এপটো Google Play Store আৰু Apple iOS—দুয়োটা প্লেটফৰ্মতে উপলব্ধ।

এপটোৰ জৰিয়তে লাভ কৰা অভিযোগসমূহ প্ৰথমে পৰীক্ষা আৰু সত্যতা নিৰূপণ কৰা হ’ব। তাৰ পিছত প্ৰয়োজন অনুসৰি সংশ্লিষ্ট বিভাগৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

মন্ত্ৰী অজন্তা নেওগে এপ্লিকেশ্যনটো নিয়মীয়াকৈ আপডেট কৰাৰ লগতে অসমৰ সকলো প্ৰান্তৰ মহিলাৰ মাজত ইয়াৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

নতুন এপটোৰ জৰিয়তে এতিয়াৰে পৰা অসমৰ মহিলাসকলে ঘৰৰ পৰাই আয়োগৰ ওচৰত নিজৰ অভিযোগ আৰু সমস্যাৰ কথা জনাব পাৰিব।

সামাজিক মাধ্যমত এই সন্দৰ্ভত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাই কয়-“এতিয়াৰ পৰা অসমৰ যিকোনো প্ৰান্তত যিকোনো বিপদৰ সন্মুখীন হোৱা আৰু বিভিন্ন শাৰীৰিক তথা মানসিক নিৰ্যাতনৰ বলি হোৱা মহিলা সকলে আয়োগৰ কাৰ্যালয়লৈ নহাকৈয়ে নিজৰ মোবাইলৰ যোগেদি এটা App ৰ মাধ্যমেৰে আমাক নিজৰ অভিযোগ দাখিল কৰিব পাৰিব৷

সেই উদ্দেশ্যেৰে আজি ১১ আগষ্ট ২০২৬ তাৰিখে অসম ৰাজ্যিক মহিলা আয়োগৰ বেলতলা চাৰিআলি স্থিত কাৰ্যালয়ত অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মাননীয়া মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ ডাঙৰীয়ানীয়ে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মুকেশ চন্দ্ৰ চাহু ডাঙৰীয়া আৰু অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালক গৌৰী শংকৰ শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত #ASCW নামৰ App টোৰ শুভাৰম্ভনি কৰে৷”

লগতে পঢ়ক : বানপীড়িতৰ ক্ষোভৰ সন্মুখীন অখিল গগৈ! কিয় গালি খালে বিধায়কগৰাকীয়ে?

Source link



Source link

Leave A Reply

Your email address will not be published.