Voice of Eastern India

অভিশপ্ত ১৩ নৱেম্বৰ; চিকিৎসালয়ৰ বাহিৰত এম্বুলেন্সৰ শাৰী


কাজিৰঙাৰ অভিশপ্ত ৰঙাজানৰ দুৰ্ঘটনাক লৈ এতিয়া অবৰ্ণনীয় পৰিৱেশ। বহু পৰিয়াললৈ নামি আহিল কাল অমানিশা। নশ্বৰদেহৰ নিবলৈ চিকিৎসালয়ৰ বাহিৰত এম্বুলেন্সৰ শাৰী।

অভিশপ্ত ১৩ নৱেম্বৰ। শুকুৰবাৰে সেই ট্ৰেভেলাৰ খনত উঠা লৈকে কোনো এজন লোকেই হয়টো ভবা নাছিল যে সেই যাত্ৰাই তেওঁলোকৰ শেষৰটো যাত্ৰা হ’ব। কাজিৰঙাৰ ৰঙাজানত হঠা এটা শব্দ আৰু সেই হৈ গ’ল ২৬ টাকৈ জীৱন। কাজিৰঙাৰ ভয়াৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা একেটা পৰিয়ালৰ তিনি ভগ্নী জ্যোতি মাঝী, লক্ষী মাঝী আৰু দৰ্পনা মাঝীৰ ঘৰত এতিয়া কান্দোনৰ ৰোল।নিহত দৰ্পনা, লক্ষী আৰু জ্যোতি মাঝি আছিল কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ ছাত্ৰী। তিনি কন্যাৰ মৃত্যুৰ খবৰত পৰিয়ালটোৰ ওপৰত সৰগ ভাগি পৰিছে।

কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে নিহতসকলৰ মৰণোত্তৰ পৰীক্ষা প্ৰক্ৰিয়া তীব্ৰ গতিৰে আৰম্ভ কৰা হৈছে। গোলাঘাট অসামৰিক চিকিৎসালয়ত বৰ্তমান এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো চালি থকা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিশেষ চিকিৎসকৰ দলে এই মৰণোত্তৰ পৰীক্ষা কৰি আছে।

শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বাহিৰত শাৰী শাৰীকৈ ৰখাই থোৱা হৈছে এম্বুলেন্স।মৰণোত্তৰ পৰীক্ষাৰ অন্তত এই এম্বুলেন্সেৰেই বাসগৃহ লৈ যোৱা হ’ব কাজিৰঙাৰ দুৰ্ঘটনাত প্ৰাণ যোৱা ২৬ জনৰ নশ্বৰদেহ।

কাজিৰঙাৰ দুৰ্ঘটনাত সুজাতা তাঁতী নামৰ যুৱতীগৰাকীও নিহত হয়।জানিব পৰা মতে জানুৱাৰীত বিয়া ঠিক হৈ আছিল সুজাতাৰ। অভিশপ্ত ট্ৰেভেলাৰখনেৰে শুকুৰবাৰে জয়ন্তী ৰবিদাসৰ সৈতে জখলাবন্ধালৈ গৈ আছিল সুজাতা। জন্মদিনৰ পাৰ্টীলৈ গৈ থাকোঁতেই ট্ৰেভেলাৰ দুৰ্ঘটনাত মৃত্যু হ’ল জয়ন্তী আৰু সুজাতাৰ।জানিব পৰা মতে জয়ন্তী ৰবিদাসৰে ভাতৃৰ সৈতে বিয়া হোৱাৰ কথা আছিল সুজাতাৰ।

লগতে পঢ়ক: সংসাৰ কৰাৰ  সপোন আধৰুৱা হৈ ৰ’ল; ৰঙাজানৰ পথ দুৰ্ঘটনাত নিহত হ’ল সুশীল ভূমিজৰ

Source link



Source link

Leave A Reply

Your email address will not be published.