শ্বিলঙস্থিত অসম ৰেজিমেণ্টৰ ৱাৰ মেম’ৰিয়েল পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি।
২৯ আগষ্ট, শনিবাৰে শ্বিলঙস্থিত অসম ৰেজিমেন্টৰ ৱাৰ মেম’ৰিয়েল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ সেৱাত প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Shillong War Memorial)।
সামাজিক মাধ্যম এক্সৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণৰ কথা উল্লেখ কৰি বীৰ জোৱানসকলৰ বীৰত্ব, সাহস আৰু সৰ্বোচ্চ ত্যাগক স্মৰণ কৰে। দেশৰ প্ৰতি বীৰ জোৱানসকলৰ নিষ্ঠা আৰু সমৰ্পণে আগন্তুক প্ৰজন্মকো সদায় অনুপ্ৰিণাতি কৰি থাকিব বুলি উল্লেখ কৰে তেওঁ (Assam Regiment Martyrs)।
অসম ৰেজিমেন্টৰ গৌৰৱময় ভূমিকাৰ কথা উল্লেখ কৰি দেশৰ সেৱাত তেওঁলোকৰ অসাধাৰণ সাহস, দায়বদ্ধতা আৰু ত্যাগৰ নিদৰ্শন দাঙি ধৰিছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেজিম্ন্টটোৰ বীৰত্ব আৰু দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা জোৱানসকলৰ সাহস জনসাধাৰণৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰে তেওঁ।
মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ সেৱাত নিষ্ঠাৰে কৰ্তব্য পালন কৰি সৰ্বোচ্চ বলিদান দিয়া শ্বহীদ জোৱানসকলকো স্মৰণ কৰি তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁলোকৰ ত্যাগ আৰু বীৰত্বই যৱ প্ৰজন্মক একে দায়বদ্ধতা আৰু দেশপ্ৰেমৰ মনোভাৱেৰে দেশৰ সেৱাত আত্মনিয়োগ কৰিবলৈ সদায় অনুপ্ৰাণিত কৰি থাকিব বুলি পোষ্টটোত উল্লেখ কৰে।
লগতে পঢ়ক: সুখবৰ: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ চাকৰিৰ বিজ্ঞাপন মুকলি
