Voice of Eastern India

নেপালত মহাপ্ৰলয়: সন্ধানহীন অসমৰ ১২ গৰাকী


বুধবাৰে নেপালত হোৱা ক্ষন্তেকীয়া বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। সেই বানত অসমৰ ১২ গৰাকী লোক এতিয়াও নিখুজ হৈ আছে।

নেপালৰ মহাপ্ৰলয়ত বৰ্তমানলৈকে ৬০০ গৰাকী লোকৰ মৃত্যু হৈছে। বৰ্তমানলৈকে ২৫০০ তকৈও অধিক লোক সন্ধানহীন হৈ আছে। তাৰ মাজতে অসমৰ ১২ গৰাকী লোকৰো কোনো সন্ধান পোৱা নাই।অসমৰ সন্ধানহীন লোকসকলৰ ইতিমধ্যে তালিকা প্ৰকাশ কৰা হৈছে। সন্ধানহীনসকলৰ ভিতৰত কাৰ্বি আংলঙৰ ২জন, নলবাৰীৰ ২জন, গোলাঘাটৰ ১জন,  ডবকাৰ ২জন, গুৱাহাটীৰ ৩জন লোক।

 

তালিকা অনুসৰি গুৱাহাটী পংকজ নেওগ, ড০ দিপালী সৰকাৰ, মানস ঘোষ, নলবাৰীৰ অৰুণ মহন্ত আৰু ড০ তীৰ্থ চলিহা। তীৰ্থ চলিহা নলবাৰী মেডিকেল কলেজৰ চিকি সক,কাৰ্বি আংলঙৰ ঋতুপৰ্ন ব্ৰহ্ম আৰু মনট্ৰি বসুমতাৰী, হোজাইৰ সতদল নাথ মেৰাপানী গোলাঘাটৰ ৰাহুল দৈমাৰী।

জানিব পৰা মতে, সুকলমে আছে নলবাৰীৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা। আনহাতে নিৰাপদে আছে কাৰ্বি আংলঙৰ সোনেশ্বৰ নাৰ্জাৰী।জানিব পৰা মতে, ২১ আগষ্টত ভ্ৰমণৰ বাবে নেপাললৈ গৈছিল ৰুক্মিণীগাৱৰ ড০ দিপালী সৰকাৰ আৰু স্বামী মানস ঘোষ। ৩০ গৰাকী পৰ্যটক আৰু ২ ৰাকী ট্যুৰ মেনেজাৰৰ সৈতে কাঠমাণ্ডু সীমান্তলৈ গৈছিল দলটো।কিন্তু বুধবাৰে পুৱা অহা বিধ্বংসী বানৰ ফলত ছিন্ন-ভিন্ন হৈছিল দলটো। তাৰ পিছৰে পৰাই কোনো সন্ধান নাই তেওঁলোকৰ।  

লগতে পঢ়ক: নেপালত মৃতকৰ সংখ্যা ৬০০ লৈ বৃদ্ধি; ২৫০০ তকৈও অধিক লোক এতিয়াও সন্ধানহীন

Source link



Source link

Leave A Reply

Your email address will not be published.