কাজিৰঙাৰ ৰঙাজানৰ সমীপত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাটোত নিহতৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি হৈছে।
কাজিৰঙাৰ ৰঙাজানৰ সমীপত ট্ৰাক আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিহতৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰাৰম্ভিক তথ্য অনুসৰি, এই দুৰ্ঘটনাত ২৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ।
জানিব পৰা মতে, বোকাখাতৰ পৰা নগাঁৱৰ দিশে গৈ থকা AS 02 AC 6690 নম্বৰৰ ট্ৰেভেলাৰখনৰ সৈতে এখন তীব্ৰবেগী কনটেণ্টইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা অধিকাংশ যাত্ৰী শিক্ষাৰ্থী বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে।
দুৰ্ঘটনাত একেলগে দুই ভগ্নী নিহত হৈছে বুলি জানিব পৰা গৈছে। নিহত দুই ভগ্নী দৰ্শনা মাঝি আৰু জ্যোতি মাঝি। দুয়ো কাজিৰঙা নেশ্যচেল পাৰ্ক হাইস্কুলৰ ছাত্ৰী আছিল। বিদ্যালয়ৰ পৰা ট্ৰেভেলাৰখনত ওভতি আহোতেই দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় দুই ভগ্নীৰ।
সংঘৰ্ষৰ ফলত ট্ৰেভেলাৰখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। বাহনখনৰ ভিতৰত কেইবাগৰাকীও যাত্ৰী আবদ্ধ হৈ পৰে। ঘটনাৰ পিছতে স্থানীয় লোক আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
দুৰ্ঘটনাত আহতসকলৰ একাংশক প্ৰথমে কঁহৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আনহাতে, গুৰুতৰভাৱে আহতসকলক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
এই শোকাৱহ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। দুৰ্ঘটনাত নিহত আৰু আহতসকলৰ পৰিচয় তথা দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ সন্দৰ্ভত অধিক তথ্য এতিয়াও জানিব পৰা হোৱা নাই।
জানিব পৰা মতে কঁহৰা আদৰ্শ চিকিৎসালয়ত ১৬ টা মৃতদেহ, বোকাখাত চিকিৎসালয়ত ৭ টা মৃতদেহ থকাৰ লগতে যোৰহাটলৈ নি থকা অৱস্থাত ৩ জনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত ট্ৰেভেলাৰখনৰ চালক হেণ্ডিমেনৰ থিতাতে নিহত হৈছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক: কাজিৰঙাত কণ্টেইনাৰ-ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষ; ১০ জনৰ মৃত্যু
