বুধবাৰে পুৱাই নেপালীখুঁটিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ট্ৰেক্টৰত উঠি বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰীগৰাকীয়ে।
বান বিধ্বস্ত উজনি অসমৰ পৰিস্থিতিৰ বুজ ল’বলৈ বুধবাৰে পুৱাই নেপালীখুঁটিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ট্ৰেক্টৰত উঠি বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
পুৱা প্ৰায় ৯ বজাত নেপালীখুঁটিৰ কেইবাটাও আশ্ৰয় শিবিৰত থকা পৰিয়ালৰে মত-বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। ট্ৰেক্টৰত উঠি চণ্টক, নেপালীখুঁটি আদি এলেকা পৰিদৰ্শন কৰাৰ লগতে বন্যাৰ্তসকলৰ মনৰ বুজ লয় নাড্ডাই।বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। উল্লেখযোগ্য যে, অসম ভ্ৰমণ সামৰি তেওঁ নাগালেণ্ডলৈ যাব।
লগতে পঢ়ক: বান পৰিস্থিতিৰ বুজ ল’বলৈ অসমত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
