মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম বিধানসভাৰ কাৰ্য্যবিধিৰ পৰা বা চৰকাৰী কাম-কাজৰ পৰা বড়ো ভাষা আঁতৰোৱাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৫ জুলাইত স্পষ্ট কৰি দিয়ে যে অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা বা আন কোনো চৰকাৰী কাম-কাজৰ পৰা বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ নাই।
সামাজিক মাধ্যম যোগে এই কথা শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম বিধানসভাৰ অধ্যক্ষই তেওঁক অৱগত কৰিছে যে তেনে কোনো প্ৰস্তাৱ বিবেচনাধীন হৈ থকা নাই। মুখ্যমন্ত্ৰী গৰাকীয়ে বড়ো ভাষাক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ বুলি বৰ্ণনা কৰি কয় যে ই বড়ো সম্প্ৰদায়ৰ ইতিহাস, পৰম্পৰা আৰু প্ৰত্যাশাক প্ৰতিফলিত কৰাৰ লগতে ৰাজ্যখনৰ ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যক শক্তিশালী কৰে।

ভাষাটিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰে বড়ো ভাষাৰ বিকাশৰ বাবে আৰু অনাগত প্ৰজন্মৰ বাবে এই ভাষা যাতে চহকী হৈ থাকে, তাৰ বাবে যাৱতীয় সকলো প্ৰচেষ্টা অব্যাহত ৰাখিব।
বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ পৰা বড়ো ভাষা প্ৰত্যাহাৰ কৰাক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য আহিছে, য’ত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে তেনে কোনো পদক্ষেপ লোৱাৰ প্ৰস্তাৱ কৰা হোৱা নাই।
লগতে পঢ়ক: দুৰ্নীতিৰ বিৰুদ্ধে এক্সন মুডত হাগ্ৰামা মহিলাৰী, কৰিলে ডাঙৰ ঘোষণা
