Voice of Eastern India

‘সংবিধান সংশোধন কৰি হলেও অসমীয়া ভাষাক ৰক্ষা কৰা হ’ব’; মুখ্যমন্ত্ৰীৰ স্পষ্ট হুংকাৰ


লোকপিয়লত অসমীয়া ভাষাক লৈ চলা চৰ্চাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসমীয়া ভাষাক লৈ কঠোৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। লোকপিয়লত অসমীয়া ভাষাক লৈ চলা চৰ্চাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,অসমত অসমীয়া ভাষা আছিল, আছে আৰু থাকিব।এতিয়া যেনেকৈ আছে তেনেকৈয়ে থাকিব লোকপিয়লত কোনোবাই লিখক বা নিলিখক, এইটো কথাক লৈ অসমীয়া মানুহক কোনেও ব্লেকমেইল কৰিব নোৱাৰিব।অসমীয়া ভাষা আছিল, আছে আৰু অনন্তকাললৈ থাকিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অনাদিকাললৈ অসমীয়া ভাষাই অসমৰ আনুষ্ঠানিক ভাষা হৈ থাকিব। প্ৰয়োজনত সংবিধান সংশোধন কৰি হলেও অসমীয়া ভাষাক ৰক্ষা কৰা হ’ব। প্ৰয়োজনত সংবিধান সংশোধন কৰি হ’লেও সিমানখিনি কৰাৰ মোৰ সাহস আছে।

লগতে পঢ়ক: বিধানসভাৰ কাৰ্য্যবিধিৰ পৰা আঁতৰোৱা নহয় বড়ো ভাষা; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

Source link



Source link

Leave A Reply

Your email address will not be published.