Voice of Eastern India

বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ


বিধায়ক অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ প্ৰতিবাদ। জিলা আয়ুক্তক বিধায়কগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ।

বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী। ২১, আগষ্ট শুকুৰবাৰে আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে স্থানীয় বিধায়গৰাকীৰ বিৰুদ্ধে মূৰত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় (Sivasagar News)

২০ আগষ্ট, বৃহস্পতিবাৰে অনুষ্ঠিত এখন বৈঠকত জিলা আয়ুক্তৰ সৈতে বিধায়কগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি কৰ্মচাৰীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে (Protest Against Akhil Gogoi)।

শিৱসাগৰ জিলাত বানপীড়িত লোকসকলৰ মাজত চৰকাৰী সাহাৰ্য বিতৰণত গাফিলতি হোৱা বুলি উঠা অভিযোগক লৈ বিধায়ক অখিল গগৈয়ে জিলা আয়ুক্তৰ সন্মুখত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ এদিন পিছতেই এই প্ৰতিবাদ সাব্যস্ত কৰিছে কৰ্মচাৰীসকলে (Sivasagar DC Office)।

শিৱসাগৰ জিলা আয়ুক্তৰ সৈতে হোৱা আলোচনাত বিধায়ক গগৈয়ে বানপীড়িত লোকসকলক আৰ্থিক সাহাৰ্য প্ৰদানত পলম হোৱা বুলি উঠা অভিযোগক লৈ প্ৰশ্ন কৰিছিল। সামাজিক মাধ্যমত এই বৈঠক সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে লিখিছিল-“আজি শিৱসাগৰ জিলাৰ আয়ুক্ত মৃদুল যাদৱ ডাঙৰীয়াৰ সৈতে মোৰ উষ্ম তৰ্ক-বিতৰ্ক হ’ল। মোৰ শিৱসাগৰ সমষ্টিৰ সকলো প্ৰলয়বিধ্বস্ত পৰিয়ালে কিয় চৰকাৰৰ তৎকালিন সাহায্য ১৫ হাজাৰ টকাটো পোৱা নাই, এই বিষয়ক লৈ বিতৰ্ক হ’ল।“

এই ফেচবুক পোষ্টৰ শেষলৈ “শিৱসাগৰৰ আয়ুক্ত মৃদুল যাদৱক ককৰ্থনা কৰিলোঁ” বুলিও উল্লেখ কৰে।

বিধায়কগৰাকীয়ে বিষয়াসকলে ঠাইখন এৰি যোৱাৰ পূৰ্বে হিতাধিকাৰীসকলক সাহায্যৰ ধন প্ৰদান কৰিবলৈয়ো দাবী জনায়। লগতে বানপীড়িত লোকসকলে যাতে সময়মতে চৰকাৰী সাহাশ্য লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায় আৰু সাহায্য বিতৰণত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ’ব বুলি সকীয়াই দিয়ে।

ইয়াৰ পিছতে শুকুৰবাৰে জিলা আয়ু্ক্তক বিধায়কগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰি আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক: ‘মেঘালয়ৰ অতপালি সহ্য কৰা নহ’ব’; শৃংখল চলিহাৰ হুংকাৰ

Source link



Source link

Leave A Reply

Your email address will not be published.