বিভাজনৰ দাগ কেতিয়াও পাহৰিব নোৱাৰি, পুনৰ দেশৰ ক্ষতি কৰিবলৈ কাকো দিয়া নহ’ব- হিমন্ত বিশ্ব শৰ্মা
১৯৪৭ৰ সেই বিভাজন- ভাৰতৰ ইতিহাসৰ এনে এক অধ্যায়, যাৰ ক্ষত আজিও শুকোৱা নাই। সেই বিভাজনৰ বিভীষিকাক সোঁৱৰি শুকুৰবাৰে কঠোৰ বাৰ্তা দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুছলিম লীগে ভাৰতৰ ওপৰত “জাপি দিয়া” বিভাজনৰ দাগ কেতিয়াও পাহৰিব নোৱাৰি বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, পুনৰ কোনো পক্ষকে দেশৰ ক্ষতি কৰিবলৈ দিয়া নহ’ব।
ভাৰত বিভাজনৰ পিছত সংঘটিত সাম্প্ৰদায়িক হিংসাত প্ৰাণ হেৰুওৱা লোকসকললৈ শ্ৰদ্ধাঞ্জলি জনাই ছ’চিয়েল মিডিয়াত তেওঁ কয় যে সেই বিভাজনে অসংখ্য নিৰপৰাধী লোকৰ জীৱন কাঢ়ি লৈছিল।
‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ৰ দিনটোত মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয়, সেই ভয়ংকৰ অধ্যায়ৰ বলি হোৱা সকলোকে স্মৰণ কৰি দেশৰ অখণ্ডতা আৰু নিৰাপত্তা ৰক্ষাৰ সংকল্প ল’ব লাগিব।
উল্লেখ্য, দেশ বিভাজন আৰু তাৰ পিছৰ গণ প্ৰব্ৰজনৰ সময়ত সংঘটিত সাম্প্ৰদায়িক হিংসাত প্ৰাণ হেৰুওৱা লোকসকলক স্মৰণ কৰিবলৈ কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে ২০২১ চনৰ পৰা প্ৰতি বছৰে ১৪ আগষ্টত ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ পালন কৰি আহিছে।
লগতে পঢ়ক : ‘বিভাজন বিভীষিকা স্মৰণ দিৱস’ত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা
