বীৰ লাচিত সেনাৰ মানসজ্যোতি চেতিয়াৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে ৫ অভিযুক্তক আটক কৰিছে
বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাৰ তদন্ত অধিক তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে। চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাটোৰ সৈতে জড়িত পৰিস্থিতিৰ তদন্তৰ বাবে গঠনক কৰা SIT-এ বিভিন্ন দিশ পৰীক্ষা কৰি আছে (Manasjyoti Chetia Death)।
শেহতীয়াকৈ জানিব পৰা মতে ঘটনাৰ সন্দৰ্ভত সংগঠনটোৱে দাখিল কৰা অভিযোগত নাম উল্লেখ থকা ১০ জন লোকৰ ভিতৰত এতিয়ালৈকে ৫ জনক সোধা-পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে (Assam Crime News)।
উল্লেখ্য যে, ২৫ আগষ্ট, মঙলবাৰে চিকিৎসাধীন অৱস্থাতে মানসজ্যোতি চেতিয়াৰ মৃত্যু হৈছিল। ইয়াৰ পূৰ্বে ২৩ আগষ্টত বিহুবৰত সংঘটিত এক ঘটনাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। নেতাগৰাকীৰ এই ঘটনাক লৈ বীৰ লাচিত সেনাই প্ৰশ্ন উত্থাপন কৰাৰ লগতে বিষয়টোৰ পুংখানুপুংখ তদন্তৰ দাবী জনাইছিল।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰথমে আবিদুৰ ৰহমান আৰু ছেলিমা বেগমক সোধা-পোছাৰ বাবে আটক কৰিছিল। পৰৱৰ্তী সময়ত ছুবেৰা বেগম, ছেলিমুৰ ৰহমান আনোৱাৰা বেগমকো ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰে আৰক্ষীয়ে।
সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিয়ে দাখিল কৰা এজাহাৰত মুঠ ১০ জন লোকৰ নাম উল্লেখ কৰিছিল। অভিযোগত উল্লেখ থকা লোকসকল হৈছে- হৈছে—আবিদুৰ ৰহমান, ছেলিমুৰ ৰহমান, হাবিবুৰ ৰহমান, ছুজাবুল ৰহমান, সুভাষিন ইছলাম, মুৰজিদা বেগম, ছেলিমা বেগম, মজমিনকা বেগম, আনোৱাৰা বেগম আৰু ছুবেৰা বেগম।
এই ১০ জনৰ ভিতৰত এতিয়ালৈকে ৫জনক আটক কৰিছে আৰক্ষীয়ে।
লগতে পঢ়ক: ‘শিৱসাগৰৰ বিধায়কেও অবৈধ বাংলাদেশীক ৰক্ষা কৰিব নোৱাৰে’; শৃংখল চলিহাৰ হুংকাৰ
