নেপালত সংঘটিত আকস্মিক জলপ্ৰলয়ক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
নেপালৰ আকস্মিক জলপ্ৰলয়ত মৃত্যু হোৱা লোক আৰু বহু লোক সন্ধানহীন হোৱাৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Nepal Flash Flood)।
ছ’চিয়েল মিডিয়া এক্স-ত এটা পোষ্টযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-“নেপালত সংঘটিত বিধ্বংসী বান আৰু ইয়াৰ ফলত হোৱা ক্ষয়-ক্ষতি আৰু দুৰ্ভোগক লৈ গভীৰ উদ্বিগ্ন।“
পোষ্টত তেওঁ লিখিছে-“এই কঠিন সময়ত অসমৰ জনসাধাৰণ নেপালৰ ভাতৃ-ভগ্নীসকলৰ কাষত দৃঢ়তাৰে থিয় দিছে। শোকসন্তপ্ত পৰিয়ালসমূহ আৰু এই দুৰ্যোগত ক্ষতিগ্ৰস্ত সকলোৰে প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ (Nepal Flood Death Toll)।“
মুখ্যমন্ত্ৰীগৰাকীয়ে এই জলপ্ৰলয়ত ক্ষতিগ্ৰস্ত লোকসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে পৰিস্থিতি শীঘ্ৰে স্বাভাৱিক হোৱাৰ কামনা কৰে।
উল্লেখ্য য়ে, বুধবাৰে উত্তৰ নেপালত আকস্মিক জলপ্ৰলয়ে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে্। এই বিধ্বংসী বানত কেইবাজনো লোকৰ মৃত্য হোৱাৰ লগতে সন্ধানহীন হৈ আছে বহু লোক।
হিমস্খলনৰ ফলতে এই বিপৰ্যয়ৰ সৃষ্টি হয় বুলি প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে।
লগতে পঢ়ক: মানসজ্যোতি চেতিয়াৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
