Voice of Eastern India

শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ


সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন গাৰ্গ ঘটনাৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তৰ

জামিনৰ বাবে আবেদন কৰি তৎ পোৱা নাই জুবিন গাৰ্গ হত্যাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তই । এইবাৰ উচ্চতম ন্যায়ালয়তো জামিন আবেদনক লৈ মুখ থেকেচা শ্যামকানুৰ (Shyamkanu Mahanta Bail Plea)  

১৭ আগষ্ট, সোমবাৰে উচ্চতম ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত গোচৰৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আৱেদন নাকচ কৰে । ৫ অক্টোবৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে (Zubeen Garg Death Case)

ন্যায়াধীশ বি ভি নাগাৰথনা আৰু ন্যায়াধীশ আৰ মহাদেৱন গঠিত এখন বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ আৱেদনৰ শুনানি গ্ৰহণ কৰে । শুনানিৰ সময়ত ৰাজ্য চৰকাৰে আদালতক বিচাৰ প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে আৰু জনায় যে এই ঘটনাৰ বিচাৰৰ কাম-কাজ ইতিমধ্যে আৰম্ভ হৈছে । গোচৰটো সন্দৰ্ভত ৩৯৪ গৰাকী সাক্ষীৰ ভিতৰত ১৪ আগষ্টলৈ ৯৪ গৰাকী ভাষ্য গ্ৰহণ কৰা হৈছে বুলিও ৰাঝ্য চৰকাৰে আদালতক জনায় (Zubeen Garg Case)

লগতে ৰাজ্য চৰকাৰে আদালতক অৱগত কৰে যে, তদন্তৰ সময়ত তদন্তচকাৰী বিষয়াৰ ওচৰত ছিংগাপুৰৰ সাক্ষীসকলে ইতিমধ্যে নিজৰ ভাষ্য প্ৰদান কৰিছে ।

ইফালে সৰ্বোচ্চ ন্যায়ালয়ে অসম চৰকাৰক মৌখিকভাৱে যিমান পাৰি সোনকালে দ্ৰুতগতিত এই বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ পৰামৰ্শ দিয়ে ।

শ্যামকানুৰ জামিন আৱেদন নাকচ হোৱাৰ পিছতে সামাজিক মাধ্যমত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে এয়া সমূহীয়া প্ৰাৰ্থনাৰ শক্তি বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ফেচবুকত তেওঁ লিখিছে-“সমূহীয়া প্ৰাৰ্থনাৰ শক্তি এইয়া.. প্ৰতিজন সঁচা অসমীয়াৰ হৃদয়ৰ মনোকামনা এইয়া.. দেশৰ ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ আস্থা অমূলক নহয় কেতিয়াও । ভগৱান সদায় সত্যৰ পক্ষতে থাকিব ।“

লগতে পঢ়ক : প্ৰবীণ ৰাজনীতিবিদ হেমেন দাসৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Source link



Source link

Leave A Reply

Your email address will not be published.