Voice of Eastern India

সুৰতীৰ্থ’ৰ উদ্যোগত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা


সুৰতীৰ্থৰ ভূপেন্দ্ৰ সংগীত কৰ্মশালা আৰম্ভ
জ্যোতিনগৰত তৃপ্তিৰেখা সোঁৱৰণত
গুৱাহাটী, ৬ জুলাই : ৰাজ্যৰ অগ্ৰণী সাংস্কৃতিক-সামাজিক অনুষ্ঠান ‘সুৰতীৰ্থ’ৰ উদ্যোগত জ্যোতিনগৰস্থিত পূব গুৱাহাটী উচ্চ বিদ্যালয়ৰ সহযোগত তথা উক্ত বিদ্যালয় প্ৰাংগণত তৃপ্তিৰেখা গোস্বামীৰ সোঁৱৰণত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজিৰে পৰা “ভূপেন্দ্ৰ সংগীত”ৰ কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালা ৭দিন ধৰি অনুষ্ঠিত হ’ব। আজি আৰম্ভণিতে তৃপ্তিৰেখা গোস্বামী আৰু ড০ ভূপেন হাজৰিকাৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ অৰ্পণ কৰা হয়। ইয়াৰ পিছতে সুৰতীৰ্থৰ সভাপতি কুঞ্জলাল ৰয়ৰ সঞ্চালনাত উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হয়। ডাউন টাউন স্কুলৰ সংগীত শিক্ষয়িত্ৰী নয়নিকা হাজৰিকা শিৱমৰ সৰস্বতী বন্দনাৰে আৰম্ভ কৰা সভাত প্ৰাৰম্ভিক ভাষণ দি ডা: বিৰাজ জ্যোতি গোস্বামীয়ে কয়- “গীতৰ উচ্চাৰণ আৰু প্ৰক্ষেপণ সুস্পষ্ট হ’ব লাগে। ভূপেন হাজৰিকাৰ শব্দ উচ্চাৰণ, প্ৰক্ষেপণ অতি নান্দনিক। শিল্পীসমাজে গীত গাৱতে হৃদয়ৰ নিভৃত কোণৰ পৰা গাব লাগে।” কৰ্মশালাখনি উদ্ধোধন কৰি বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী ড০ দয়ানন্দ পাঠকে কয়- “সমাজ নিৰ্মাণ কৰিব পাৰে শিক্ষকসমাজে। শিক্ষা হ’ব লাগে সকলো কাম-কাজৰ প্ৰথম নিৰ্মাণমুখী চিন্তা। ভূপেন হাজৰিকাৰ চিন্তা আছিল বিশ্ব ব্যাপি।অসমীয়া জাতিক সৰ্বক্ষেত্ৰতে সকীয়াই দি থৈ গৈছে।” দীপমণি চুতীয়াই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট শিল্পী কণিকা ভট্টাচাৰ্য, আকাশবাণী, গুৱাহাটীৰ অৱসৰী সঞ্চালক তথা সংগীত পৰিচালক অৱনী ৰঞ্জন পাঠক, প্ৰসিদ্ধ আইনজীৱী তথা শিল্পী চিন্ময় চৌধুৰী, সাংবাদিক তথা কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক দীপক শৰ্মা, ড০ সীমান্ত বৰকাকতী, “অ’ বন্ধুৰে…”খ্যাত শিল্পী ড০ ধ্ৰুবানন্দ পাঠক, সুৰতীৰ্থৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট শিল্পী হিৰেণ শৰ্মা, দীপেন্দ্ৰ কুমাৰ ভূঞা, গীতাঞ্জলি মহন্ত বৰুৱা, দীপম বৰুৱা, ৰূপাঞ্জলি বৰুৱা হাজৰিকা, ভাস্কৰ শিৱম, ৰাজু গোস্বামী, শিক্ষয়িত্ৰীদ্বয় ডেইজী দেৱী আৰু ডলী মালী অনুষ্ঠানত উপস্থিত থাকি বক্তব্য দাঙি ধৰে। ড০ ধ্ৰুবানন্দ হাজৰিকাই ভূপেন হাজৰিকাৰ গীত এটি হিন্দী ভাষাত পৰিৱেশন কৰি পৰিৱেশটো প্ৰাণবন্ত কৰি তোলে। কৰ্মশালাত প্ৰায় ৪ কুৰি ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈছে। কৰ্মশালাত কেইবাজনো অভিজ্ঞ সংগীত প্ৰশিক্ষকে অংশ লৈছে।



Source link

Leave A Reply

Your email address will not be published.