৪ জিলাৰ বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়াইছে ৰাজ্য় চৰকাৰে। আজিৰে পৰা অন্তৰ্বৰ্তীকালীন বান সাহাৰ্যৰ প্ৰথমটো কিস্তি মুকলি কৰি দিছে।
উজনি অসমৰ ৪ জিলাৰ ভয়াবহ বানপানীত ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৩ আগষ্টত অন্তৰ্বৰ্তীকালীন বান সাহাৰ্যৰ প্ৰথমটো কিস্তি মুকলি কৰাৰ কথা ঘোষণা কৰে। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত সাহায্য প্রদান কার্যসূচীত ৰাজ্য চৰকাৰে তাৎক্ষণিক সাহাৰ্যৰ বাবে ১১২ কোটি টকা ধাৰ্য কৰিছে।
সাহাৰ্য পেকেজৰ অধীনত, বানপীড়িত প্ৰতিটো পৰিয়ালে অন্তৰ্বৰ্তীকালীন বিত্তীয় সাহায্য হিচাপে ১৫,০০০ টকাকৈ লাভ কৰিব। প্ৰথম পৰ্যায়ত গুৰুতৰভাৱে প্ৰভাৱিত চাৰিখন জিলাৰ ৬০,০০০ তকৈও অধিক পৰিয়ালক সামৰি লোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী মূল্যাংকনৰ পিছত সৰ্বমুঠ হিতাধিকাৰীৰ সংখ্যা ৭৫,০০০ লৈ বৃদ্ধি পাব পাৰে।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে শিৱসাগৰত ৩৫,০০০ তকৈ অধিক পৰিয়াল, চৰাইদেউত ১৯,০০০ তকৈ অধিক পৰিয়াল, যোৰহাটত ৪,০০০ তকৈ অধিক পৰিয়াল আৰু গোলাঘাটত ২,০০০ তকৈ অধিক পৰিয়াল এই অন্তৰ্বৰ্তীকালীন সাহাৰ্যৰ ধন লাভ কৰিব।
চৰকাৰে বানপীড়িত অঞ্চলসমূহৰ বুজ লৈ অতিৰিক্ত ক্ষতিগ্রস্ত পৰিয়ালসমূহ চিনাক্ত কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। ক্ষয়-ক্ষতিৰ মূল্যাংকন যিমান আগবাঢ়িব, সিমানেই অধিক পৰিয়ালক ইয়াত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে।
ইয়াৰ উপৰিও, শিৱসাগৰ আৰু চৰাইদেউৰ যিবোৰ পৰিয়াল এতিয়াও স্থানচ্যুত হৈ আছে আৰু নিজৰ ঘৰলৈ উভতি যাব পৰা নাই, তেওঁলোকৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে অতিৰিক্ত বিত্তীয় সাহাৰ্যৰ কথা ঘোষণা কৰে। ৯ আগষ্টৰ ভিতৰত ঘৰলৈ উভতি যাব নোৱাৰা এই দুয়োখন জিলাৰ পৰিয়ালসমূহে ১০ আগষ্টৰ পৰা অতিৰিক্ত ১০,০০০ টকাকৈ লাভ কৰিব। বানপানীৰ ফলত ঘৰ-দুৱাৰ ক্ষতিগ্রস্ত হোৱা বা বাসোপযোগী হৈ নথকাৰ বাবে সাহাৰ্য শিবিৰ বা অস্থায়ী আশ্ৰয়স্থলত বাস কৰি থকা পৰিয়ালসমূহক সহায় কৰাৰ উদ্দেশ্যেই এই সাহাৰ্য প্ৰদান কৰা হৈছে।
