শেহতীয়া প্ৰলয়ংকাৰী বানপানীৰ ফলত শিৱসাগৰ আৰু চৰাইদেউ জিলাত সৃষ্টি হোৱা ধ্বংসলীলাৰ বুজ লব’লৈ আজি নেপালী খুঁটিত উপস্থিত হয় মুখ্যমন্ত্ৰী।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৩ আগষ্টত কয় যে শেহতীয়া বানপানীৰ ফলত শিৱসাগৰ আৰু চৰাইদেউ জিলাত সৃষ্টি হোৱা ধ্বংসলীলাৰ পৰিমাণ টেলিভিছনত দৃশ্যমান হোৱাতকৈ বহু বেছি ভয়াবহ আছিল। ইয়াৰ লগতে তেওঁ এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে কেৱল বিত্তীয় সাহাৰ্যই ক্ষতিগ্ৰস্ত সমাজসমূহক পুনৰাই থিয় কৰোৱাত পৰ্যাপ্ত নহ’ব।
ক্ষতিগ্রস্ত নেপালী খুঁটি অঞ্চল ট্ৰেক্টৰেৰে ভ্ৰমণ কৰাৰ পিছত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে আটাইতকৈ বেছি ক্ষতিগ্রস্ত কিছুমান অঞ্চলত চৰকাৰে সমগ্ৰ গাঁওসমূহৰ পুনৰ্নিৰ্মাণৰ কাম হাতত ল’বলগীয়া হ’ব পাৰে। শিৱসাগৰ আৰু চৰাইদেউৰ ক্ষয়-ক্ষতি টেলিভিছনত দেখুওৱাতকৈ বহুগুণে বেছি।এওঁলোকক কেৱল বান সাহাৰ্যই পৰ্যাপ্ত নহ’ব।
ঘৰ-দুৱাৰ, গৰু-ম’হ আৰু স্থানীয় আন্তঃগাঁথনিৰ ব্যাপক ধ্বংসৰ দিশলৈ আঙুলিয়াই মুখ্যমন্ত্রীগৰাকীয়ে কয় যে বিহুৱৰ, নেপালী খুটি, বেটবাৰী আৰু নিমাইজানৰ দৰে অঞ্চলসমূহক সামগ্ৰিক পুনৰ্বাসন আৰু পুনৰ্নিৰ্মাণৰ প্ৰয়োজন হ’ব পাৰে।
“বিহুৱৰ, নেপালী খুঁটি, বেটবাৰী আৰু নিমাইজানৰ দৰে ঠাইসমূহত আমি সমগ্ৰ গাঁওসমূহ পুনৰ্নিৰ্মাণ কৰিবলগীয়া হ’ব পাৰে” বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।
প্ৰত্যক্ষভাৱে ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ আৰু ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে বাৰ্তালাপ কৰিবলৈ মুখ্যমন্ত্রী গৰাকীয়ে ট্ৰেক্টৰেৰে নেপালী খুঁটিৰ বানবিধ্বস্ত অঞ্চল ভ্ৰমণ কৰে। শেহতীয়া বানৰ পিছত অঞ্চলটোৰ বিভিন্ন প্ৰান্তত ঘৰ-দুৱাৰ ধংসপ্রাপ্ত হৈছে, পশুধন হেৰুৱাইছে আৰু জীৱিকা গভীৰভাৱে প্ৰভাৱিত হৈছে।
মুখ্যমন্ত্রীগৰাকীৰ মন্তব্যই ইংগিত দিয়ে যে চৰকাৰে জৰুৰীকালীন সাহাৰ্য বিতৰণৰ উপৰিও এক বৃহৎ পুনৰ্বাসন কৌশলৰ কথা চিন্তা কৰিছে, বিশেষকৈ যিবোৰ অঞ্চলত ব্যাপক ক্ষয়-ক্ষতিৰ বাবে পৰিয়ালসমূহ স্বাভাৱিক জীৱনলৈ ঘূৰি অহাটো কঠিন হৈ পৰিছে।
