Voice of Eastern India

অপেক্ষাৰ অন্তঃ অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰীৰ নতুন ঘোষণা


আগষ্টৰ প্ৰথম দিনাই ডাঙৰ উপহাৰ! অৰুণোদয় হিতাধিকাৰীৰ বাবে নতুন ঘোষণা

অৰুণোদয়ৰ টকা কেতিয়া আহিব বুলি অপেক্ষা কৰি আছিল নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে। ১ আগষ্টৰ পৰাই পুনৰ আৰম্ভ হব আধাৰ-সংযোজিত ধন হস্তান্তৰ। লাখ লাখ মহিলাৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ সোমাব ১,২৫০ টকা, আনহাতে বানাক্ৰান্ত অঞ্চলৰ হিতাধিকাৰীয়ে এই মাহত লাভ কৰিব ২,৫০০ টকাকৈ ।

আসামৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে ১ আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ অধীনত আধাৰ-সংযোজিত ধন হস্তান্তৰ (DBT) পুনৰ আৰম্ভ হ’ব ।

এই পৰ্যায়ত ৰাজ্যৰ ৩৭.১ লাখ মহিলা হিতাধিকাৰীয়ে প্ৰত্যেকে ১,২৫০ টকাকৈ লাভ কৰিব । কিন্তু বানপীড়িত পৰিয়ালৰ বাবে আছে আৰু অধিক সুখবৰ । বানাক্ৰান্ত অঞ্চলৰ হিতাধিকাৰীয়ে এই মাহত ২,৫০০ টকাকৈ লাভ কৰিব ।

মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ জনায় যে সকলো ধন যোগ্য হিতাধিকাৰীৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ জমা কৰা হ’ব । লগতে আঁচনিখন সুচলভাৱে ৰূপায়ণৰ বাবে অৰুণোদয় সহায়ক নিয়োগ কৰাৰ কথাও ঘোষণা কৰে ।

বানৰ ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ হিতাধিকাৰীসকলে পুনৰুদ্ধাৰ আৰু পুনৰসংস্থাপনৰ সহায় হিচাপে এই মাহত ২,৫০০ টকাকৈ লাভ কৰিব ।

মুখ্যমন্ত্ৰীয়ে কয়, আগষ্ট মাহটো আসামৰ বাবে এটা বিশেষ মাহ হব । আমাৰ জনসাধাৰণৰ বাবে কেইবাখনো কল্যাণমূলক আঁচনিয়ে নতুন গতি লাভ কৰিব ।

ইয়াৰ লগতে তেওঁ জনায় যে আগষ্টৰ প্ৰথম সপ্তাহৰ পৰাই নিযুত মইনাআৰু নিযুত বাবুআঁচনিৰ আবেদন পত্ৰ বিতৰণ আৰম্ভ হ’ব । চৰকাৰৰ লক্ষ্য হৈছে অক্টোবৰ মাহত ৫ লাখতকৈও অধিক ছাত্ৰ-ছাত্ৰীলৈ ৩০০ কোটি টকাতকৈও অধিক বিত্তীয় সাহায্য প্ৰদান কৰা ।

আন এটা ডাঙৰ ঘোষণাত মুখ্যমন্ত্ৰীয়ে কয়, ১০ আগষ্টৰ পৰা পুনৰ আৰম্ভ হব ৰেহাই মূল্যৰ ৰেচন আঁচনি । ইয়াৰ অধীনত ৭০ লাখতকৈও অধিক হিতাধিকাৰীয়ে বিনামূলীয়া ৰেচনৰ লগতে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে মাত্ৰ ১০০ টকাত ১ কেজি মচুৰ দাইল আৰু ১ কেজি চেনী লাভ কৰিব ।

এই সকলো কল্যাণমূলক আঁচনি সঠিকভাৱে ৰূপায়ণ কৰি হিতাধিকাৰীসকলক কোনো অসুবিধা নোহোৱাকৈ সুবিধা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনক প্ৰয়োজনীয় নিৰ্দেশো দিয়ে।

লগতে পঢ়ক : বানাক্ৰান্তৰ বেংক ঋণক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

Source link



Source link

Leave A Reply

Your email address will not be published.