মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি, আজি পুৱা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বেংক হিচাপ পৰ্যালোচনা কৰাৰ সময়তহে জানিব পাৰি যে বানপীড়িত লোকসকলৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ কোটি টকাৰ অনুদান আগবঢ়াইছে।
অসমৰ বানপীড়িত লোকসকলৰ বাবে নিঃশব্দে আহিল এক ডাঙৰ সহায়। আটাইতকৈ আচৰিত কথাটো হ’ল—এই অনুদানৰ বিষয়ে আগতীয়াকৈ কোনো ঘোষণা নাছিল, আনকি মুখ্যমন্ত্ৰীয়েও এই বিষয়ে জানিব পৰা নাছিল!
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি, আজি পুৱা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বেংক হিচাপ পৰ্যালোচনা কৰাৰ সময়তহে জানিব পাৰি যে জে এছ ডব্লিউৰ অধ্যক্ষ শ্ৰীসজ্জন জিন্দালে বানপীড়িত লোকসকলৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ কোটি টকাৰ অনুদান আগবঢ়াইছে।
মুখ্যমন্ত্ৰীয়ে কয়, এই সহায়ৰ বিষয়ে কোনো আগতীয়া তথ্য তেওঁলোকৰ ওচৰত নাছিল। সেয়েহে বেংক হিচাপ চোৱাৰ সময়ত এই অনুদানৰ কথা জানি তেওঁ বিশেষভাৱে আনন্দিত আৰু কৃতজ্ঞ অনুভৱ কৰে।
উল্লেখযোগ্য যে, শ্ৰীসজ্জন জিন্দালৰ মাতৃ তথা অ’ পি জিন্দাল গোটৰ মূল অধ্যক্ষ শ্ৰীমতী সাৱিত্ৰী জিন্দাল অসমৰে জীয়ৰী। মুখ্যমন্ত্ৰীয়ে কয়, অসমৰ এই সংকটৰ সময়ত আগবঢ়োৱা এই মহানুভৱী পদক্ষেপৰ বাবে অসমৰ জনসাধাৰণৰ হৈ শ্ৰীসজ্জন জিন্দাললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।
মুখ্যমন্ত্ৰীয়ে লগতে আশ্বাস দিয়ে যে, এই ৫ কোটি টকাৰ প্ৰতিটো টকাই বানপীড়িত লোকসকলৰ পুনৰ্বাসন আৰু তেওঁলোকৰ জীৱন পুনৰ গঢ়ি তোলাৰ কামত ব্যয় কৰা হ’ব।
লগতে পঢ়ক: উজনি অসমলৈ ১৬ কোটি টকাৰ বান সাহায্য সামগ্ৰী প্ৰেৰণ ৰাজ্যিক বিজেপিৰ
