Voice of Eastern India

অভিভাৱক মন্ত্ৰীৰ তালিকা ঘোষণা মুখ্যমন্ত্ৰীৰ..


প্ৰকাশ পালে ৰাজ্যৰ নতুন অভিভাৱক মন্ত্ৰীৰ তালিকা ।
মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিলে অভিভাৱক মন্ত্ৰীৰ নাম।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে, তেওঁৰ মন্ত্ৰীসভাৰ ১৬ গৰাকী মন্ত্ৰীক অভিভাৱক জিলাৰ দায়িত্ব অৰ্পণ কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে এই পদক্ষেপে জিলা প্ৰশাসনসমূহৰ সৈতে সমন্বয় অধিক শক্তিশালী কৰিব আৰু ৰাজ্যজুৰি উন্নয়নমূলক কাম-কাজসমূহ খৰতকীয়া কৰিব।

সামাজিক মাধ্যমত এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ এই দায়িত্ব ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছে আৰু আশা প্ৰকাশ কৰে যে মন্ত্ৰীসকলে অসমৰ প্ৰগতি আৰু সমৃদ্ধি বৃদ্ধিৰ বাবে জিলা প্ৰশাসনসমূহৰ সৈতে সক্ৰিয়ভাৱে কাম কৰিব।

 মুখ্যমন্ত্ৰী গৰাকীয়ে দিয়া তালিকা অনুসৰি, অতুল বৰাক কামৰূপ (মহানগৰ) আৰু ধেমাজি,ৰামেশ্বৰ তেলীক তিনিচুকীয়া আৰু যোৰহাট, দায়িত্ব দিয়া হৈছে।অশ্বিনী ৰয় চৰকাৰক বঙাইগাঁও আৰু বৰপেটা, আনহাতে অশোক সিংঘলে দৰং আৰু ধুবুৰীৰ তদাৰক কৰিব।পিয়ুষ হাজৰিকাই নগাঁও, হোজাই, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলংৰ তদাৰক কৰিব। আনহাতে বিশ্বজিৎ দৈমাৰী নলবাৰী আৰু শোণিতপুৰৰ বাবে দায়িত্বপ্ৰাপ্ত হ’ব।

কৌশিক ৰায়ে শ্ৰীভূমি আৰু হাইলাকান্দিৰ তদাৰক কৰিব।কেশৱ মহন্তক দক্ষিণ শালমাৰা-মানকাচৰ আৰু উত্তৰ লক্ষীমপুৰ আবণ্টন কৰা হৈছে, ইফালে কৃষ্ণেন্দু পালে ডিমা হাচাও আৰু কাছাৰৰ অভিভাৱক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

ৰণোজ পেগুক বিশ্বনাথ আৰু গোলাঘাট আবণ্টন কৰা হৈছে।অজন্তা নেওগে মৰিগাঁও আৰু কামৰূপৰ অভিভাৱক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। সুশান্ত বৰগোহাঁইয়ে মাজুলী আৰু ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব।চৰণ বড়োক কোকৰাঝাৰ, বাক্সা আৰু চিৰাং, বিমল বৰাক শিৱসাগৰ আৰু চৰাইদেউ আবণ্টন কৰা হৈছে আৰু নীলিমা দেৱীক বজালী আৰু ওদালগুৰিৰ দায়িত্ব দিয়া হৈছে।আনহাতে জয়ন্ত মল্লবৰুৱাক তামুলপুৰ আৰু গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

Source link



Source link

Leave A Reply

Your email address will not be published.