যুৱ সমাজলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ বাৰ্তা—চৰকাৰী চাকৰিত দুৰ্নীতিৰ কোনো ঠাই নাই
অসমত চৰকাৰী চাকৰি বিচাৰি থকা যুৱক-যুৱতীৰ বাবে আহিল ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ ঘোষণা কৰিলে- অসমত এতিয়া চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ দুৰ্নীতিমুক্ত, আৰু আগন্তুক পাঁচ বছৰতো এই স্বচ্ছতা কোনোপধ্যেই নষ্ট হ’ব নিদিয়া হ’ব।
বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এতিয়া চৰকাৰী চাকৰিত কোনো দুৰ্নীতি নাই। আমি পৰৱৰ্তী পাঁচ বছৰতো নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি সোমাবলৈ নিদিওঁ।”
কেৱল চাকৰিৰ ক্ষেত্ৰতেই নহয়, শিক্ষা খণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰেও মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত হোৱা ৭৯৩টা শিক্ষা প্ৰতিষ্ঠানক ২ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে।
ইয়াৰ লগতে ‘বাবু আঁচনি’ৰ অধীনত ডিগ্ৰী পঢ়ি থকা ছাত্ৰসকলে প্ৰতি মাহে ১,০০০ টকা আৰু স্নাতকোত্তৰ ছাত্ৰসকলে প্ৰতি মাহে ১,২০০ টকা লাভ কৰিব।
আনহাতে ‘নিজুত মইনা আঁচনি’ৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীসকলে ৮০০ টকা, স্নাতকৰ ছাত্ৰীসকলে ১,২০০ টকা আৰু স্নাতকোত্তৰ ছাত্ৰীসকলে ২,৫০০ টকাকৈ প্ৰতিমাহে আৰ্থিক সাহায্য লাভ কৰিব।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে, এই পদক্ষেপসমূহৰ মূল লক্ষ্য হৈছে শিক্ষাৰ সুযোগ অধিক বিস্তৃত কৰা, ছাত্ৰ-ছাত্ৰীক আৰ্থিকভাৱে সবল কৰা আৰু ৰাজ্যজুৰি বাধাহীন শিক্ষা নিশ্চিত কৰা।
লগতে পঢ়ক : কনটেন্ট ক্ৰিয়েটৰ সকললৈ অসম আৰক্ষীৰ ৫টা জৰুৰী নিৰ্দেশনা
