অহা ২-৩ দিনৰ বাবে গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী এলেকাসমূহত বজ্ৰপাতৰ সৈতে মধ্যমীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি এক সতৰ্কবাণী জাৰি কৰা হৈছে
মহানগৰী গুৱাহাটীসহ ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ বতৰৰ খবৰ । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) অহা ২-৩ দিনৰ বাবে গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী এলেকাসমূহত বজ্ৰপাতৰ সৈতে মধ্যমীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি এক সতৰ্কবাণী জাৰি কৰিছে ।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) তৰফৰ পৰা প্ৰকাশ কৰা এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে ৰাজধানী চহৰখন আৰু ইয়াৰ আশেকাপাশে অহা ৪৮ ৰ পৰা ৭২ ঘণ্টাত নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব পাৰে । বতৰ বিজ্ঞান বিভাগৰ অনুমান অনুসৰি, এই সময়ছোৱাত ২৪ ঘণ্টাত প্ৰায় ৬ ৰ পৰা ১২ চেণ্টিমিটাৰ পৰ্যন্ত মধ্যমীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ধাৰাষাৰ বৰষুণৰ লগতে প্ৰচণ্ড বিজুলী-ঢেৰেকণি আৰু বজ্ৰপাতো হ’ব পাৰে ।
হ’ব পাৰে কৃত্ৰিম বান আৰু ভূমিস্খলন
প্ৰাধিকৰণে সকীয়াই দিছে যে এই ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন স্থানত তীব্ৰ কৃত্ৰিম বান আৰু হঠাতে অহা বান আদি সমস্যাই দেখা দিব পাৰে । ইয়াৰ ফলত ৰাজপথত যান-বাহন চলাচল ব্যাহত হোৱাৰ লগতে স্পৰ্শকাতৰ আৰু পাহাৰীয়া এলেকা সমূহত স্থানীয়ভাৱে ভূমিস্খলন হোৱাৰো তীব্ৰ আশংকা আছে । সমগ্ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৰ্তৃপক্ষ আৰু ASDMA-ই ক্ষিপ্ৰ পৰ্যবেক্ষণ চলাই আছে আৰু যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মুখামুখি হ’ব পৰাকৈ সঁহাৰি ব্যৱস্থাসমূহ সাজু কৰি ৰখা হৈছে ।
সজাগ আৰু সতৰ্ক থাকিবলৈ ৰাইজক আহ্বান
পৰিস্থিতিৰ গুৰুত্ব বিবেচনা কৰি ASDMA-ই গুৱাহাটীৰ বাসিন্দাসকলক যাৱতীয় সাৱধানতা অৱলম্বন কৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে । বিশেষকৈ তলত উল্লেখ কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে :
যাত্ৰীসকলৰ বাবে: দৈনিক যাতায়াত কৰা লোক আৰু দূৰণিবটীয়া যাত্ৰীসকলক বতৰৰ অৱস্থা চাইহে যাত্ৰাৰ সময়সূচী তৈয়াৰ কৰিবলৈ কোৱা হৈছে । প্ৰচণ্ড বৰষুণৰ সময়ত প্ৰয়োজন নহ’লে ঘৰৰ পৰা নোলাবলৈ আহ্বান জনোৱা হৈছে ।
দ আৰু পাহাৰীয়া অঞ্চলৰ বাসিন্দা: নামনি বা দ অঞ্চল আৰু পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলক বান বা ভূমিস্খলনৰ যিকোনো লক্ষণ দেখা পালেই তৎকালিনভাৱে সতৰ্ক হ’বলৈ কোৱা হৈছে ।
বতৰৰ আপডেটৰ বাবে চৰকাৰী মাধ্যমৰ সহায় লওক
প্ৰাধিকৰণে জনোৱা মতে, সাধাৰণ ৰাইজৰ সজাগতাৰ বাবে বতৰ আৰু বান পৰিস্থিতিৰ শেহতীয়া তথ্যসমূহ সময়মতে ASDMA-ৰ অফিচিয়েল ৱেবছাইট asdma.assam.gov.in, asdma.assam.gov.in আৰু ইয়াৰ আটাইকেইটা ছচিয়েল মিডিয়া একাউণ্টত আপডেট কৰা হ’ব । এই দীৰ্ঘদিনীয়া বৰষুণৰ সময়ছোৱাত নিজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাইজক যিকোনো উৰাবাতৰিত ভোল নগৈ চৰকাৰী বতৰৰ আপডেটৰ সৈতে জড়িত থাকিবলৈ আৰু প্ৰশাসনৰ নীতি-নিৰ্দেশনাসমূহ নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনোৱা হৈছে ।
লগতে পঢ়ক : আকৌ দিছে বৰষুণ, মহানগৰীত হাহাকাৰ পৰিস্থিতি!
