২০২৬ চনৰ ৩০ জুনলৈকে ৰাজ্যৰ দক্ষতা, নিয়োগ আৰু উদ্যোগশীলতা সঞ্চালকালয়ত মুঠ ১৫,৪৩,৩৫০ জন চাকৰি প্ৰাৰ্থী সক্ৰিয়ভাৱে পঞ্জীয়নভুক্ত হৈ আছে
বৰ্তমান অসমত ১৫.৪৩ লাখতকৈও অধিক লোক সক্ৰিয় চাকৰি প্ৰাৰ্থী হিচাপে পঞ্জীয়নভুক্ত হৈ আছে । আজি অসম বিধানসভাৰ মজিয়াত চৰকাৰে এই উদ্বেগজনক তথ্য দাঙি ধৰে ।
বিধানসভাত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰ দি দক্ষতা, নিয়োগ আৰু উদ্যোগশীলতা মন্ত্ৰী প্ৰশান্ত ফুকনে কয় যে ২০২৬ চনৰ ৩০ জুনলৈকে ৰাজ্যৰ দক্ষতা, নিয়োগ আৰু উদ্যোগশীলতা সঞ্চালকালয়ত মুঠ ১৫,৪৩,৩৫০ জন চাকৰি প্ৰাৰ্থী সক্ৰিয়ভাৱে পঞ্জীয়নভুক্ত হৈ আছে । মন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে যে ২০১৬ চনৰ ৩১ মাৰ্চ পৰ্যন্ত এই সংখ্যা আছিল ১৫,৮২,৯৮৭ জন আৰু তেতিয়াৰে পৰা বিভাগে এই পঞ্জীয়নৰ বাৰ্ষিক অভিলেখ নিয়মীয়াকৈ বজাই ৰাখিছে ।
বিগত বছৰবোৰৰ পঞ্জীয়নৰ খতিয়ান:
বিধানসভাত দাখিল কৰা চৰকাৰী তথ্য অনুসৰি, ২০২২ চনত পঞ্জীয়নভুক্ত চাকৰি প্ৰাৰ্থীৰ সংখ্যা আছিল ১১,৫৩,৯৭১ জন, যাৰ ভিতৰত ১০,৩৪,৬১৩ টা আছিল নতুন পঞ্জীয়ন । ২০২৩ চনত এই মুঠ পঞ্জীয়নৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পাই হয় ২০,১০,৫১৭ জন, য’ত ৮,৫৬,৫৪৬ টা নতুন পঞ্জীয়ন অন্তৰ্ভুক্ত আছিল ।
২০২৪ চনত সক্ৰিয় চাকৰি প্ৰাৰ্থীৰ সংখ্যা ২১,১৬,৫৬১ জন হয়গৈ, য’ত ১,০৬,০৪৪ টা নতুন পঞ্জীয়ন নথিভুক্ত কৰা হয় । অৱশ্যে, ২০২৫ চনত এই সংখ্যা কিছু হ্ৰাস পাই ১১,৮৮,১৬০ জন হয়, আনহাতে সেই বৰ্ষত নতুন পঞ্জীয়নৰ সংখ্যা আছিল ২,৪৯,৭৬৫ টা । চলিত ২০২৬ চনৰ ৩০ জুন পৰ্যন্ত বিভাগে পুনৰ ১৫,৪৩,৩৫০ জন সক্ৰিয় পঞ্জীয়নভুক্ত চাকৰি প্ৰাৰ্থীৰ তথ্য সংগ্ৰহ কৰিছে, যাৰ ভিতৰত শেহতীয়া কেইটামান মাহত ৩,৫৫,৭৪১ টা নতুন পঞ্জীয়ন হৈছে ।
আনহাতে, চৰকাৰে সদনক জানিবলৈ দিয়া মতে, যথাসময়ত নবীকৰণ নকৰা বা বাৰ্ষিক নিয়ম উলংঘা কৰাৰ বাবে ২০২৬ চনৰ ৩০ জুনলৈকে ৰাজ্যখনত মুঠ ১২,৫২,৭৩১ টা পঞ্জীয়নৰ ম্যাদ উকলি গৈছে বা বাতিল হৈছে ।
উচ্চ শিক্ষিত নিবনুৱাৰ ভিৰ:
পঞ্জীয়নভুক্ত চাকৰি প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতাৰ যি খতিয়ান মন্ত্ৰীগৰাকীয়ে দাঙি ধৰিছে, সি অত্যন্ত তাৎপৰ্যপূৰ্ণ । তথ্য অনুসৰি, চাকৰি বিচাৰি থকা যুৱক-যুৱতীসকলৰ ভিতৰত সাধাৰণ স্নাতক ডিগ্ৰীধাৰীৰ সংখ্যাই সৰ্বাধিক । বৰ্তমান পঞ্জীয়নত ৬,৪৮,৮৯৯ জন স্নাতক আৰু ১,১৬,১৫৯ জন স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে অপেক্ষা কৰি আছে ।
এই চৰকাৰী তালিকাত বৰ্তমান ৬২,৫৮১ জন কাৰিকৰী ডিপ্লমা ধাৰী আৰু ৬৫,৯৮৯ জন কাৰিকৰী স্নাতকো অন্তৰ্ভুক্ত হৈ আছে ।
ৰাজ্যখনত বছৰেকীয়া ভিত্তিত নিবনুৱা পঞ্জীয়নৰ সবিশেষ আৰু তেওঁলোকৰ শৈক্ষিক অৰ্হতা সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰতে চৰকাৰে আজি এই তথ্য সদনত দাঙি ধৰে ।
লগতে পঢ়ক : এক্সন মুডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি
