Voice of Eastern India

আজি জামিন লাভ কৰিব নেকি সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্তই


আজি মুকলি আকাশৰ তললৈ আহিব নেকি সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। এই ৪ গৰাকী অভিযুক্তই দাখিল কৰা জামিন আবেদনৰ ওপৰত আদালতে ৰায় প্ৰদান কৰিব।

সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। বিশেষ ফাষ্ট-ট্ৰেক আদালতে এই গোচৰৰ চাৰিজন অভিযুক্তৰ জামিন আবেদনৰ সন্দৰ্ভত সোমবাৰে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰাৰ সম্ভাৱনা আছে। আজি আদালতে সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই দাখিল কৰা জামিন আবেদনৰ ওপৰত নিজৰ ৰায়দান কৰিব।

উল্লেখ্য যে, অভিযুক্তকেইজনৰ জামিন আবেদনৰ শুনানি ইতিমধ্যে সম্পূৰ্ণ হৈছিল আৰু আদালতে ইয়াৰ ৰায়দান স্থগিত ৰাখিছিল। তেওঁলোকৰ জামিন আবেদনৰ শুনানি ইতিমধ্যে সম্পূৰ্ণ হৈছিল, আৰু আদালতে ইয়াৰ ৰায়দান সংৰক্ষণ কৰি ৰাখিছিল।বৰ্তমান গোচৰৰ শুনানি অসমৰ বিশেষ ফাষ্ট ট্ৰেক আদালতত চলি আছে, য’ত মূল বিচাৰ প্ৰক্ৰিয়া চলি আছে। এই গোচৰটো ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত, যিটোক পিছত তদন্তকাৰীয়ে হত্যা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ হিচাপে গণ্য কৰে।

লগতে পঢ়ক: বিশেষ ফাষ্টট্ৰেক আদালতত আৰম্ভ হ’ব জুবিন গাৰ্গৰ হত্যাৰ মূল বিচাৰ প্ৰক্ৰিয়া

Source link



Source link

Leave A Reply

Your email address will not be published.