Voice of Eastern India

উজনিত বানৰ কালৰূপঃ শিৱসাগৰ-যোৰহাট-চৰাইদেউত হাহাকাৰ!


নেৰানেপেৰা বৰষুণৰ ফলত উজনিৰ তিনিখন জিলাত অৱনতি ঘটিছে বান পৰিস্থিতিৰ । শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ বাবে চৰকাৰে সশস্ত্ৰ বাহিনীৰ সহায় বিচাৰিছে ।

ৰাজ্যত অব্যাত থকা নেৰানেপেৰা বৰষুণৰ ফলত বান পৰিস্থিতি শোচনীয় হোৱাৰ দিশে আগবাঢ়িছে । বিশেষকৈ বিগত দুই-তিনিদিন ধৰি অব্যাহত থকা বৰষুণৰ ফলত উজনি অসমৰ জিলাকেইখনৰ বান পৰিস্থিতিৰ অৱনতি ঘটিছে ।

উজনি অসমৰ এই বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত উদ্বেগ প্ৰকাশ কৰাৰ লগতে এই দুৰ্যোগৰ মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণৰ কথা জানিবলৈ দিয়ে । বান পৰিস্থিতি অধিক অৱনতি ঘটিলে সাহাৰ্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনাক সাজু হৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

‘এক্স’ত এটা পোষ্টত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ বাবে চৰকাৰে সশস্ত্ৰ বাহিনীৰ সহায় বিচাৰিছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ মন্ত্ৰী অজন্তা নেওগ, বিমল বৰা, কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁইক ততালিকে বানাক্ৰান্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰিবলৈ, সাহায্য অভিযানৰ তদাৰক কৰিবলৈ আৰু প্ৰতিটো বানাক্ৰান্ত পৰিয়ালে যাতে সময়মতে সাহায্য লাভ কৰে তাৰ বাবে নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে ।

ফেচবুক পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে- “শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত অভূতপূৰ্ব বৰষুণ আৰু উজাই অহা পানীৰ ফলত বান পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে । ৰাজ্য চৰকাৰে পৰিস্থিতি গুৰুত্বসহকাৰে নিৰীক্ষণ কৰি আছে আৰু জিলা প্ৰশাসনৰ সৈতে অবিৰত যোগাযোগ ৰক্ষা কৰি উদ্ধাৰ আৰু সাহায্য অভিযান ত্বৰান্বিত কৰাৰ উদ্দেশ্যে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।“

তেওঁ আৰু লিখিছে- “পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সতীৰ্থ মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ, শ্ৰীবিমল বড়া, শ্ৰীকেশৱ মহন্ত আৰু শ্ৰীসুশান্ত বৰগোহাঁইক তৎকালেই ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ গৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰাৰ লগতে প্ৰতিগৰাকী ক্ষতিগ্ৰস্ত লোকে চৰকাৰৰ সহায় যাতে সময়মতে লাভ কৰিব পাৰে, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশনা দিছোঁ । প্ৰয়োজন হ’লে উদ্ধাৰ আৰু সাহায্য অভিযানত সহযোগিতা আগবঢ়াবলৈ ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনাকো সাজু হৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছে । আমাৰ জনসাধাৰণৰ জীৱন সুৰক্ষা আৰু কল্যাণেই আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ । এই দুৰ্যোগৰ সময়ত চৰকাৰে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সকলো সম্ভৱ পদক্ষেপ গ্ৰহণ কৰি যাব ।“

লগতে পঢ়ক : নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে বানৰ আশংকাঃ প্ৰশাসনৰ জৰুৰী সতৰ্কবাণী

Source link



Source link

Leave A Reply

Your email address will not be published.