Voice of Eastern India

কল্পনা গোস্বামীৰ কবিতা পুথি উন্মোচন


 

মিৰ্জাত পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত কল্পনা গোস্বামী ভৰালীৰ কবিতা সংকলন উন্মোচন

সমাজ নিৰ্মাণমুখী কবিতাবোৰ আজীৱন ৰৈ থাকে : অৰুণ শৰ্মা

সাধাৰণ লোকৰ হৃদয়স্পৰ্শী হ’ব লাগে কবিতা : ড০ দয়ানন্দ পাঠক

গুৱাহাটী, ২৮ জুন : আজি পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত কবি কল্পনা গোস্বামী ভৰালী ৰচিত কবিতা সংকলন “জোনাক ৰাতিৰ স্বাক্ষৰ” মিৰ্জাৰ বৰকুছিস্থিত “ৰয়েল পেলেচ”ত শুভ উন্মোচন কৰা হয়। মেঘালয়ৰ শ্বিলংস্থিত চেণ্ট এন্থনিজ মহাবিদ্যালয়ৰ সংগীত বিভাগৰ অধ্যাপিকা ড০ কান্তা কাবেৰী দাসৰ সৰস্বতী বন্দনাৰে শুভাৰম্ভ কৰা সভাখনি উদ্ধোধন কৰি অসম কলেজ অধ্যক্ষ পৰিষদৰ ভূতপূৰ্ব সভাপতি তথা বৰেণ্য শিক্ষাবিদ-বিজ্ঞানী অধ্যাপক অৰুণ চন্দ্ৰ শৰ্মাই কয়- “আধুনিক কবিতা বুজাটো জটিল। সমাজ নিৰ্মাণমুখী কবিতাবোৰ আজীৱন ৰৈ থাকে। বিজ্ঞানৰ দূত উন্নয়ণৰ সময়তো কবিতাৰ মূল্য আছে আৰু আজীৱন থাকিব।” কল্পনা গোস্বামী ভৰালীৰ গ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, বুদ্ধিজীৱী ড০ দয়ানন্দ পাঠকে কয়- “কবিতাৰ সৃষ্টিত যথেষ্ট ভাব-অনুভূতি থাকে। কবিসকল শব্দৰ প্ৰতি যথেষ্ট দায়বদ্ধ হ’ব লাগে। প্ৰতিগৰাকী ব্যক্তিৰ মাজত কবিতা সোমাই থাকে। সাধাৰণ লোকৰ হৃদয়স্পৰ্শী হ’ব লাগে কবিতা। অন্তমুখী আৰু হৃদয়মুখী হ’ব লাগে কবিতা।” সভাৰ মুখ্য অতিথি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা বিশিষ্ট্ৰ নাট্যকাৰ-লেখক ড০ জগদীশ পাটগিৰিয়ে কয়- “আমি মূল্যবোধ সৃষ্ট কাম-কাজ কবি-সাহিত্যিক সমাজে কৰিব লাগে। কবিসকল যুগস্ৰষ্টা। শব্দৰে আলোড়িত কৰিব লাগে। কবিতাৰে চিন্তন-মনন-মন্থন কৰি তুলিব লাগে।কবিয়ে মাৰ্গ দৰ্শন দিব পাৰে। কল্পনা গোস্বামী ভৰালীৰ কবিতাত সমাজ মুখী চিন্তা আছে।”
পৰাগজ্যোতি প্ৰকাশনৰ সচিব তথা সাংবাদিক দীপক শৰ্মাই আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাত দিশপুৰ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক তথা গৱেষক ড০ সঞ্জীৱ কুমাৰ শৰ্মা, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অৱসৰী মুৰব্বী অধ্যাপিকা তথা বিশিষ্ট শিল্পী বিজুলী গোস্বামী, বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক গৌৰীকান্ত নাথ, অৱসৰী অভিযন্তা বীৰেণ ভৰালীয়ে সন্মানিয় অতিথি হিচাপে অংশ লৈ পৰাগজ্যোতি প্ৰকাশনৰ সাৰ্থক প্ৰয়াস আৰু কবি কল্পনা গোস্বামী ভৰালী কাব্য সাধনাৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক পদুমী পাঠক, ড০ তৰালী নাথ শৰ্মা, গুৱাহাটী জিলা বৈদিক-বৈষ্ণৱ মহাসভাৰ সহ সম্পাদক মীনু নাথে গীত-কবিতা পৰিৱেশন কৰি পৰিৱেশটি প্ৰাণবন্ত কৰি তোলে। অনুষ্ঠানত বিশিষ্ট কবি নৰেন মজুমদাৰ, সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ উপদেষ্টা মনোৰঞ্জন ভট্টাচাৰ্য, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি মদন দাস আদিৰ লগতে জালুকবাৰী, আজাৰা, সৰপাৰা, মিৰ্জা, উপৰহালী, বৰিহাট, ৰাণী আদি অঞ্চলৰ কবি- সাহিত্যিকে অংশগ্ৰহণ কৰে।



Source link

Leave A Reply

Your email address will not be published.