Voice of Eastern India

কৈলাস ইণ্ডাষ্ট্ৰীজৰ প্ৰাঙ্গনত স্বাধীনতা দিৱস পালন


Actor Atul Pachoni on 80th Independence day held in Kailash Industries
কৈলাস ইণ্ডাষ্ট্ৰীজত স্বতন্ত্ৰ দিৱসত অভিনেতা অতুল পাচনি
শ্বহীদ বীৰ বীৰাংগনাৰ স্মৃতি যুগমীয়া কৰোঁ আহক 
       গুৱাহাটী, ABKK-Kamarupa, ১৫ আগষ্ট : দাসত্বৰ শিকলিডাল ভাঙি ছিঙি মহান শ্বহীদ বীৰ বীৰাংগনাৰ আত্মবলিদান ত্যাগৰ বিনিময়ত আজি আমি ৮০ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠান উলহ-মালহেৰে পালন কৰাৰ পৰিৱেশ লাভ কৰিছো। গতিকে সেই মহান শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰিবলৈ নৱ প্ৰজন্ম আগবাঢ়ি আহিব লাগিব আৰু দেশৰ অখণ্ড ভৌগোলিক অস্তিত্বৰ প্ৰতি আমি সদায় সন্মান প্ৰদৰ্শন কৰা উচিত বুলি ১৫ আগষ্টত কৈলাস ইণ্ডাষ্ট্ৰীজত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি এই মন্তব্য আগবঢ়াইছে অসমীয়া চলচ্চিত্ৰ জগতৰ জ্যেষ্ঠ অভিনেতা অতুল পাচনিয়ে। কৈলাস ইণ্ডাষ্ট্ৰীজৰ পৰিচালন সঞ্চালক কাৰ্তিক ডেকা আৰু অসম লুতাদৰ সম্পাদক মিগাং অৰিন্দম প্ৰিন্স পাংগিঙে আঁতধৰা স্বাধীনতা দিৱসৰ আৰম্ভণিতে স্বহীদবেদীত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী ৰামেশ্বৰ বুজৰবৰুৱা, প্ৰফুল্ল ঠাকুৰীয়া আৰু দেৱেন কলিতাই। কণ্ঠশিল্পী সুবিন্দৰ সিং আৰু জিতু চহৰীয়াই দেশপ্ৰেমমূলক গীত মাত পৰিৱেশন কৰা অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অনবদ্য অৱদান আগবঢ়াই থৈ যোৱা মহান শ্বহীদ বীৰ বীৰাংগনাৰ ত্যাগৰ ওপৰত আলোকপাত কৰে সমাজকৰ্মী দিবাকৰ দাস, মহেশ্বৰ বৰদলৈ, সুবন ভৰালী, পিএন হাজৰিকা, ডাঃ প্ৰফুল্ল বসুমতাৰী আৰু প্ৰেমেশ্বৰ দেউৰীয়ে। বিয়লি বেলাত কৈলাস ইণ্ডাষ্ট্ৰীজৰ প্ৰাঙ্গনত ছাত্ৰ ছাত্ৰীৰ মাজত চকী খেল, উঠা-বহা, পানী-পাৰ, টেকেলি ভঙা ইত্যাদি পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে।

 

 



Source link

Leave A Reply

Your email address will not be published.