১৯ ছেপ্টেম্বৰৰ পূৰ্বে গৰিমা শইকীয়া গাৰ্গে জনালে আবেগিক আহ্বান। প্ৰিয় শিল্পী জুবিন গাৰ্গক লৈ কি আহ্বান জনালে গৰিমাই-
১৯ ছেপ্টেম্বৰ, অসমবাসীয়ে কোনোদিনে মনত পেলাব নিবিচৰা এটা দিন। ২০২৫ চনৰ অভিশপ্ত এই ১৯ ছেপ্টেম্বৰতেই অসমবাসীয়ে হেৰুৱাইছিল সকলোৰে প্ৰিয় কলিজাৰ টুকুৰাটোক। এই দিনটোতেই ৰাজ্যবাসীক শোকৰ সাগৰত পেলাই চিৰ বিদায় লৈছিল অসমীয়াৰ আপোন শিল্পী, মৰমৰ জুবিন গাৰ্গে (Zubeen Garg remembrance)।
২০২৫ বৰ্ষৰ ১৯ ছেপ্টেম্বৰৰ এই দিনটোতেই ছিংগাপুৰৰ প্ৰতিগৰাকী অসমীয়াৰ কলিজা ফালি চিৰাচিৰ কৰা অহা এটা খবৰে যেন স্তব্ধ কৰি তুলিছিল সময়কো। হিয়াৰ আমঠু, প্ৰিয় শিল্পীগৰাকীৰ চিৰ বিদায়ৰ খবৰে সকলোকে মূহুৰ্তৰ বাবে প্ৰাণহীন কৰি তুলিছিল প্ৰতিগৰাকী অনুৰাগীক।
১৯ ছেপ্টেম্বৰৰ পূৰ্বে সোমবাৰে শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত সকলোলৈ জনালে এক আবেগিক আহ্বান। ‘মৃত্যুবাৰ্ষিকী‘ শব্দটো ব্যৱহাৰ নকৰিবলৈ গৰিমাই সামাজিক মাধ্যমযোগে আহ্বান জনাইছে সকলোকে (Garima Saikia Garg post)।
সামাজিক মাধ্যমত গৰিমাই লিখিছে-“অনুগ্ৰহ কৰি “মৃত্যুবাৰ্ষিকী” শব্দটো ব্যৱহাৰ নকৰিব… তেওঁ আছে .. সদায় থাকিব !!”
উল্লেখ্য যে, সকলোৰে আপোন শিল্পীগৰাকীয়ে অসমবাসীক এৰি যোৱাৰ এটা বছৰ সম্পূৰ্ণ হ’বৰ হ’ল। সৃষ্টি আৰু আদৰ্শৰ মাজেৰেই প্ৰতিগৰাকী অসমীয়াৰ মাজত প্ৰিয় শিল্পীগৰাকী আজিও গুঞ্জৰিত হৈ আছে আৰু চিৰকাল থাকিব।
ইফালে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন ১৭ আগষ্টত উচ্চতম ন্যায়ালয়ে নাকচ কৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি ৫ অক্টোবৰত অনুষ্ঠিত হ’ব।
লগতে পঢ়ক: জীৱনজোৰা সঞ্চয়ৰ ১ কোটি টকা দান অৱসৰপ্ৰাপ্ত অধ্যাপক দম্পতীৰ
