Voice of Eastern India

ধর্মেন্দ্ৰ প্ৰধানৰ প্ৰতি কৃতজ্ঞতা প্রকাশ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ


কেন্দ্ৰীয় মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নীট প্ৰশ্নকাকত ফাদিলক লৈ দেশজুৰি হোৱা প্ৰতিবাদৰ মাজতে শনিবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পদত্যাগৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ আৰু দেশজুৰি উচ্চ শিক্ষাৰ সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানলৈ হিদয়ভৰা কৃতজ্ঞতা জ্ঞাপন কৰে ।

শনিবাৰে সামাজিক মাধ্যম ‘X’-ৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানৰ কাৰ্যকালৰ প্ৰশংসা কৰি শিক্ষা ব্যৱস্থাত তেওঁৰ অৱদানৰ কথা বিশেষভাৱে উল্লেখ কৰে ।

সামাজিক মাধ্যমৰ পোষ্টটোত মুখ্যমন্ত্ৰী ড০ শৰ্মাই লিখে, “কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী হিচাপে ধৰ্মেন্দ্ৰ প্ৰধানে ভাৰতৰ সভ্যতাৰ আত্মাক পুনৰুজ্জীৱিত কৰিবলৈ আৰু শিক্ষা ব্যৱস্থাক উপনিৱেশমুক্ত কৰিবলৈ অহোৰাত্ৰি কাম কৰিছিল । নানা ৰাজনৈতিক প্ৰত্যাহ্বান সত্ত্বেও ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণত তেওঁ যি দৃঢ় প্ৰতিশ্ৰুতি দেখুৱালে, সেয়া ৰাষ্ট্ৰ নিৰ্মাণলৈ তেওঁৰ অন্যতম শ্ৰেষ্ঠ অৱদান হিচাপে সদায় স্মৰণীয় হৈ ৰ’ব ।”

অসমৰ প্ৰতি নিৰৱচ্ছিন্ন সমৰ্থন আৰু আই আই এম গুৱাহাটী

ৰাজ্যখনৰ শিক্ষা খণ্ডৰ উন্নয়নত প্ৰধানৰ ইতিবাচক ভূমিকাৰ কথা সুঁৱৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমক যেতিয়াই সাহায্য বা পথ প্ৰদৰ্শনৰ প্ৰয়োজন হৈছিল, তেতিয়াই কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কাষত থিয় দিছিল । তেওঁৰ উৎসাহ আৰু শুভকামনাই ৰাজ্য চৰকাৰখনক সদায় অনুপ্ৰাণিত কৰি আহিছে ।

শেহতীয়াকৈ মুকলি কৰা IIM- গুৱাহাটীৰ প্ৰসংগ উত্থাপন কৰি ড° শৰ্মাই কয়, “যোৱা সপ্তাহত আমি আই আই এম গুৱাহাটী উদ্বোধন কৰাৰ সৌভাগ্য লাভ কৰিছিলো । এই গৌৰৱময় মুহূৰ্তটো কেৱল ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ দূৰদৰ্শিতা আৰু দেশৰ প্ৰতিটো প্ৰান্তলৈ গুণগত মানৰ উচ্চ শিক্ষা সম্প্ৰসাৰিত কৰাৰ গভীৰ প্ৰতিশ্ৰুতিৰ বাবেই সম্ভৱ হৈ উঠিল । ইয়াৰ বাবে অসমৰ ৰাইজ তেওঁৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ’ব ।”

ভৱিষ্যতৰ সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাৰ্যভাৰ ত্যাগ কৰাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ নম্ৰতা, নিস্বাৰ্থ সেৱা আৰু ভাৰত মাতৃৰ প্ৰতি থকা উৎসৰ্গিত মনোভাবক অন্তৰৰ পৰা ধন্যবাদ জনায় ।

তেওঁ লিখিছে- “ভাৰত মাতৃৰ প্ৰতি তেওঁৰ উৎসৰ্গা আৰু নিস্বাৰ্থ সেৱাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো । তেওঁৰ সুস্বাস্থ্য, সুখ আৰু শক্তি কামনা কৰাৰ লগতে মই নিশ্চিত যে ভৱিষ্যতে তেওঁ যি পদবীতেই নাথাকক কিয়, ৰাষ্ট্ৰৰ বাবে একেই আন্তৰিকতাৰে কাম কৰি যাব । ধন্যবাদ প্ৰধান ডাঙৰীয়া, অসমে সদায় আপোনাৰ মৰম আৰু অৱদান মনত ৰাখিব ।”

লগতে পঢ়ক : কি আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰত ?

Source link



Source link

Leave A Reply

Your email address will not be published.