Voice of Eastern India

বানপীড়িত শিক্ষাৰ্থীক ৰাজ্য চৰকাৰে বিনামূলীয়াকৈ দিব নতুন পাঠ্যপুথি


বানপীড়িত শিক্ষাৰ্থীলৈ আশাৰ ৰেঙনি: ৰাজ্য চৰকাৰে বিনামূলীয়াকৈ দিব নতুন পাঠ্যপুথি

শেহতীয়া প্রলয়ংকৰী বানৰ ফলত ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । বানপানীত পাঠ্যপুথি নষ্ট হোৱা অথবা হেৰাই যোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক ৰাজ্য চৰকাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ নতুন পাঠ্যপুথি যোগান ধৰিব বুলি শনিবাৰে (২৫ জুলাই) মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে ।

সামাজিক মাধ্যম ‘এক্স’-ৰ জৰিয়তে এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে জনায় যে ৰাজ্যৰ কেইবাখনো বানাক্ৰান্ত জিলাৰ ক্ষয়-ক্ষতিৰ স্থিতি পৰ্যালোচনা কৰাৰ পাছতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । ছাত্ৰ-ছাত্ৰীসকলক ততালিকে পাঠ্যপুথি পুনৰ যোগান ধৰিব পৰাকৈ জৰুৰীভাৱে প্ৰস্তুতি চলাবলৈ তেওঁ ‘অসম ৰাজ্যিক পাঠ্যপুথি উৎপাদন আৰু প্ৰকাশন নিগম’ক স্পষ্ট নিৰ্দেশ প্ৰদান কৰিছে ।

ইফালে, বিতৰণ প্ৰক্ৰিয়া খৰতকীয়া আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যেৰে ৰাজ্যৰ সকলো জিলাৰ বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া সকলক নিজ নিজ জিলাৰ প্ৰয়োজনীয় পাঠ্যপুথিৰ চাহিদাৰ তালিকা অতি সোনকালে দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

উল্লেখযোগ্য যে, বানৰ তাণ্ডৱত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হোৱা চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত চৰকাৰে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই দুয়োখন জিলাৰ সমগ্ৰ অঞ্চলৰে ছাত্ৰ-ছাত্ৰীসকলক পুনৰ পাঠ্যপুথি যোগান ধৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে ।

বিদ্যালয়সমূহ খোলাৰ লগে লগেই যাতে ছাত্ৰ-ছাত্ৰীসকলে এই পাঠ্যপুথিসমূহ লাভ কৰে, তাৰ বাবে পুথিসমূহ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উদ্দেশ্য হৈছে বান পৰিস্থিতিৰ বাবে যাতে শিক্ষাৰ্থীসকলৰ অধ্যায়ণত কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি নহয় । শিক্ষাৰ প্ৰতি চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা দোহাৰি শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৱে কয়, “যিমানেই প্রতিকূল পৰিস্থিতিৰ সৃষ্টি নহওক কিয়, শিক্ষাৰ ধাৰাবাহিকতা কোনো কাৰণতে ব্যাহত হ’বলৈ দিয়া নহ’ব ।”

লগতে পঢ়ক : ধর্মেন্দ্ৰ প্ৰধানৰ প্ৰতি কৃতজ্ঞতা প্রকাশ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Source link



Source link

Leave A Reply

Your email address will not be published.