Voice of Eastern India

সাহিত্যিক কনক চন্দ্ৰ শৰ্মাৰ গ্ৰন্থ উন্মোচন


 

Writer Kanak Chandra Sarma’s book released

গুৱাহাটীত কনক চন্দ্ৰ শৰ্মাৰ গ্ৰন্থ উন্মোচন
প্ৰশাসনিক বিষয়াসকলে নিজৰ অঞ্চলৰ লগতে সমাজ নিৰ্মাণ-গঠনত কাম কৰিব লাগে : কুমাৰ সঞ্জয় কৃষ্ণ

জনস্বাৰ্থৰ হকে প্ৰশাসনিক বিষয়াসকলে কাম কৰিব লাগে : বৃন্দাবন গোস্বামী

ABKK Kamrupa, গুৱাহাটী, ১৫ জুলাই : আজি অসম সাহিত্য সভাৰ প্ৰাক্তন উপ- সভাপতি, গৱেষক, প্ৰাক্তন আয়ুক্ত কনক চন্দ্ৰ শৰ্মাৰ গ্ৰন্থ “প্ৰশাসনীয় সেৱা আৰু জনস্বাৰ্থ : স্মৃতিৰ কেইটামান ডুখৰীয়া ছবি” গুৱাহাটীৰ উজানবজাৰস্থিত “বিবেকানন্দ কেন্দ্ৰ” প্ৰেক্ষাগৃহত শুভ উন্মোচন কৰা হয়। মিতালী শৰ্মাৰ মংগলাচৰণেৰে আৰম্ভ কৰা সভাত স্বামী বিবেকানন্দৰ স্থিৰচিত্ৰৰ সমুখত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱী আৰু ইনু দেৱীয়ে। গ্ৰন্থখনি উন্মোচন কৰি অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয়- “লেখক সকল ভাগ্যবান। কিতাপ লিখাটো যথেষ্ট কষ্টকৰ। কিতাপ এখন লেখকৰ বৌদ্ধিক সম্পতি নহয়। কিতাপ এখন সমাজৰ সম্পত্তি। গ্ৰন্থকাৰ কনক চন্দ্ৰ শৰ্মা এজন ইতিবাচক ব্যক্তি আৰু দক্ষ প্ৰশাসনিক ব্যক্তি। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় নিৰ্মাণৰ লগতে অবিভক্ত শোণিতপুৰ জিলাৰ ভিন ভিন অনুষ্ঠান প্ৰতিষ্ঠানত কনক চন্দ্ৰ শৰ্মাৰ অৱদান অনেক আছে। প্ৰশাসনিক বিষয়াসকলে নিজৰ অঞ্চলৰ লগতে সমাজ নিৰ্মাণ-গঠনত কাম কৰিব লাগে। তেতিয়াহে এজন প্ৰশাসনিক বিষয়াক মনত ৰাখিব।” সভাৰ মুখ্য অতিথি প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীয়ে কয়- “প্ৰশাসনৰ লগত জৰিত লোকসকল মূল চালিকা শক্তি। জনস্বাৰ্থৰ হকে প্ৰশাসনিক বিষয়াসকলে কাম কৰিব লাগে।আজিৰ প্ৰশাসনিক দায়িত্বত থকাসকলে কনক শৰ্মাৰ দৰে দায়িত্বশীল হ’ব লাগে। আমি য’ত থাকোঁ, তাতেই সন্তুষ্ট থাকিব লাগে। কৌশলপূৰ্ণভাৱে আমি আগুৱাই যাব লাগে। সততা, নিষ্ঠা, একাগ্ৰতা আৰু ধৈৰ্যৰে আগুৱাই যাব লাগে।” প্ৰাক্তন মন্ত্ৰী গোস্বামী সভাত উপস্থিত থাকি লগতে ভালেমান ৭০ ৰ উৰ্দ্ধৰ প্ৰশাসনিক বিষয়াবৰ্গক লগ পাই নষ্টালজিক হৈ পৰে।
অনুষ্ঠানত দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা প্ৰাক্তন অতিৰিক্ত সচিব সুভাষ চন্দ্ৰ দাসে অংশ লৈ কয়- “সমাজত সম্প্ৰীতি প্ৰতিষ্ঠা কৰাত কনক চন্দ্ৰ শৰ্মাই অনেক কাম কৰিছে। কলিকতাত অসমীয়া সাহিত্য চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাত কনক শৰ্মাৰ ভালেমান অৰিহণা আছে। প্ৰশাসনিক বিষয়াসকলে সমাজত সেৱাৰ মনোভাৱ থাকিব লাগে । এজন জিলা আয়ুক্তই জিলাৰ অতিৰিক্ত আয়ুক্তসকলৰ সহযোগত জিলাখনৰ সমস্যাসমূহ সমাধানত অৰিহণা আগবঢ়ায়। সমাজৰ বৈচিত্ৰময় পৰিৱেশ নিৰ্মাণত প্ৰশাসনিক বিষয়াসকলৰ অনেক দায়িত্ব আৰু কৰণীয় আছে।” অৱসৰী প্ৰশাসনিক বিষয়া তথা লেখক থানেশ্বৰ মালাকৰে আঁত ধৰা সভাত যশস্বী কবি-সাহিত্যিক গৌতম প্ৰসাদ বৰুৱাই সন্মানীয় অতিথি হিচাপে ভাষণ ৰাখে। অনুষ্ঠানত জীৱনী ডেকাই কামৰূপী লোকগীত আৰু হংসিতা শৰ্মাই কবিতা আবৃত্তি পৰিৱেশন কৰে।



Source link

Leave A Reply

Your email address will not be published.