মৃণালিনী দেৱীক শ্ৰেষ্ঠ মাতৃ বঁটা প্ৰদান
ABKK Kamarupa, Baihata Chariali, 22 August 2026 : আজি বাইহাটা চাৰিআলিস্থিত বি.এড. মহাবিদ্যালয়ৰ উদ্যোগত আৰু AIIMS নিৰ্মাণ সহযোগ সমিতিৰ সহযোগত আয়োজিত ‘শ্ৰেষ্ঠ মাতৃ বঁটা’ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ অসম চৰকাৰৰ মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱীৰ।
এই অনুষ্ঠানত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি শ্ৰীযুতা মৃণালিনী দেৱীক ‘শ্ৰেষ্ঠ মাতৃ বঁটা’ প্ৰদানেৰে সন্মানিত কৰা হয়। মাতৃ হৈছে পৰিয়াল, সমাজ আৰু এখন সুস্থ-সুন্দৰ ভৱিষ্যৎ গঢ়াৰ অন্যতম মূল শক্তি। অখিল ভাৰতীয় সাহিত্য পৰিষদ অসম শাখাৰ সভানেত্ৰী তথা সু-সাহিত্যিক মৃণালিনী দেৱীৰ দৰে এগৰাকী আদৰ্শ মাতৃক সন্মান জনোৱা এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়। তেখেতৰ সান্নিধ্য লাভ কৰি মই নিজকে সৌভাগ্যৱান অনুভৱ কৰিলোঁ।শ্ৰদ্ধাৰ মৃণালিনী দেৱীৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু সুখ-শান্তিময় জীৱন কামনা কৰিলোঁ বুলি মত প্ৰকাশ কৰিছে মন্ত্ৰী নীলিমা দেৱীয়ে।
অনুষ্ঠানত কামৰূপ জিলা আয়ুক্ত শ্ৰী দেৱ কুমাৰ মিশ্ৰ,কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী দিগন্ত কলিতা, বিশিষ্ট সমাজসেৱিকা শ্ৰীমতী উৰ্ব্বশী চৌধুৰী, লেখিকা শ্ৰীমতী ৰুণুপৰ্ণা ভট্টাচাৰ্য, বি.এড. মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰী আব্দুল চামাদৰ লগতে অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰীবৃন্দ উপস্থিত থাকে।

