Voice of Eastern India

জালুকবাৰীত ভয়ংকৰ অগ্নিকাণ্ড, চিৰদিনলৈ শেষ হৈ গ’ল এটা পৰিয়াল


জালুকবাৰীৰ জয়মতী নগৰৰ এটা ভাড়াঘৰত সূত্ৰপাত হোৱা এই জুইত আবদ্ধ হৈ একেটা পৰিয়ালৰে চাৰিজন সদস্যই কৰুণ মৃত্যুক সাৱটি লয়

মহানগৰীৰ জালুকবাৰীত আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জালুকবাৰীৰ জয়মতী নগৰৰ এটা ভাড়াঘৰত সূত্ৰপাত হোৱা এই জুইত আবদ্ধ হৈ একেটা পৰিয়ালৰে ১২ বছৰীয়া এটি শিশুসহ মুঠ চাৰিজন সদস্য জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয় ।

মৃত লোককেইজনক কুদ্দুছ আলী (৬৫), কাজলী (৪০), ছফীকুল (৩০) আৰু শ্বাহিদ আলী (১২) বুলি চিনাক্ত কৰা হৈছে । জানিব পৰা মতে, দুৰ্ভগীয়া পৰিয়ালটোৰ স্থায়ী ঘৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইত আছিল । দীৰ্ঘদিন ধৰি তেওঁলোকে জয়মতী নগৰৰ ৰেহেনা চৌধুৰী নামৰ মহিলাগৰাকীৰ আৱাসিক চৌহদত ভাড়াত আছিল ।

মুহূৰ্তৰ ভিতৰতে ছাৰখাৰ আৱাসিক চৌহদ-

স্থানীয় বাসিন্দাৰ মতে পুৱতি নিশা সকলো টোপনি গৈ থকা অৱস্থাতে হঠাতে জুইৰ সূত্ৰপাত ঘটে । কাঠ আৰু টিনৰ চালিৰ ঘৰ হোৱাৰ বাবেই জুই কম সময়ৰ ভিতৰতে সমগ্ৰ এলেকাটোলৈ বিয়পি পৰে । বহু বাসিন্দাই সাৰ পাই ধোঁৱা আৰু জুইৰ শিখা প্ৰত্যক্ষ কৰে যদিও পলাই সাৰিবলৈ সুযোগ পোৱাৰ পূৰ্বেই জুইয়ে অন্ততঃ দুটা ঘৰ সম্পূৰ্ণৰূপে গ্ৰাস কৰে ।

উল্লেখ্য যে, ৰেহেনা চৌধুৰীৰ এই আৱাসিক চৌহদটোত মুঠ ১১ টা কোঠা আছিল, য’ত প্ৰায় ১০ টা ভাড়াটিয়া পৰিয়ালে বসবাস কৰিছিল । ঘটনাৰ সময়ত চৌহদটোত আঠটা পৰিয়াল উপস্থিত আছিল যদিও বাকীসকল কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ।

SDRF-NDRF ৰ যুটীয়া অভিযান-

ঘটনাৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী, স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় । অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, SDRF আৰু NDRF কৰ্মীসকলে যুটীয়াভাৱে কেইবাঘণ্টা জোৰা চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰে । জুই সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনাৰ পিছতহে ঘৰৰ ভিতৰৰ পৰা কৰুণভাৱে মৃত্যুবৰণ কৰা চাৰিওগৰাকী ভুক্তভোগীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

তদন্ত আৰম্ভ-

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । চৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে যদিও জুই কেনেকৈ লাগিল আৰু কি কাৰণত ইমান অতি সোনকালে আৱাসিক এলেকাটোলৈ বিয়পি পৰিল, সেই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ এক তদন্ত আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । মাত্ৰ কেইমিনিটমানৰ ভিতৰতে চাৰিটা বহুমূলীয়া প্ৰাণ কাঢ়ি নিয়া এই মৰ্মান্তিক ঘটনাই বৰ্তমান সমগ্ৰ মহানগৰীতে শোকৰ ছাঁ পেলাইছে ।

লগতে পঢ়ক : সমগ্ৰ অসমতে কাৰ্যকৰী হ’ব ‘চেল ব্ৰডকাষ্ট চিষ্টেম’; দুৰ্যোগৰ মুহূৰ্ততে মোবাইলত বাজিব সতৰ্কঘণ্টা

Source link



Source link

Leave A Reply

Your email address will not be published.