Voice of Eastern India

Biswajit Ray on Ek Jati Ek Parichay


এক জাতি, এক পৰিচয়

অসমৰ কোচ-ৰাজবংশী সকলক চলিত লোকপিয়লত জাতি “কোচ” আৰু ভাষা “কোচ” লিখিবলৈ আহ্বান। ৰাজবংশী বিশেষণ শব্দ, জাতিবাচক শব্দ নহয়। ১৯৫১ চনৰ নাগৰিকপঞ্জীৰ আধাৰত ভূমিপুত্ৰ কোচ সকলৰ জনজাতিকৰণৰ দাবী – বিশ্বজিৎ ৰায়

ABKK News, Kamarupa, বঙাইগাঁও, ২৮ ছেপ্টেম্বৰ 2026 : কোচ-ৰাজবংশী পৰিষদৰ উদ্যোগত বঙাইগাঁও চহৰৰ নিকটৱৰ্তী দোলাইগাঁওৰ জনতা ক্লাৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত দ্বিতীয় লানি চিন্তন জাতীয় অভিবৰ্তন যোৱা ২৭ ছেপ্টেম্বৰ তাৰিখে আক্ৰাছুৰ প্ৰতিষ্ঠাপক উপদেষ্টা বিমল কুমাৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় বুলি এক প্ৰেছ বিবৃতিযোগে জনায় কোচ জাতীয় পৰিষদৰ সভাপতি বিশ্বজিৎ ৰায় আৰু যুটীয়া সাধাৰণ সম্পাদক ধনজিৎ ৰায়ে।

দ্বিতীয় লানি চিন্তন জাতীয় অভিবৰ্তনত উপস্থিত থকা বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, বিশিষ্ট শিক্ষাবিদ আৰু গৱেষক সকলৰ বস্তুনিষ্ঠ আলোচনাৰ অন্তত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি বিবৃতিযোগে সদৰি কৰে কোচ জাতীয় পৰিষদৰ সভাপতি তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে।

কোচ-ৰাজবংশী পৰিষদৰ সভাপতি তথা অভিবৰ্তনৰ অন্যতম আহ্বায়ক বিশ্বজিৎ ৰায়ে এক প্ৰেছ বিবৃতিযোগে কয় যে, চলিত লোকপিয়লত জনগোষ্ঠীটোৰ ঐতিহাসিক তথা বৃহত্তৰ স্বাৰ্থত এক জাতি, এক পৰিচয় আৰু এক ভাষাৰে জনগোষ্ঠীটোৰ সৰ্বসাধাৰণ ৰাইজক জনগোষ্ঠীটোৰ ঐতিহাসিক জাতীয় পৰিচয় “কোচ” আৰু মাতৃভাষা “কোচ”হিচাপে লোকপিয়লত লিখিবলৈ আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

ৰায়ে চলিত লোকপিয়লত যাতে জনগোষ্ঠীটোৰ লোকসকলে এচাম তথাকথিত ৰাজবংশী লোকৰ প্ৰৰোচনাত ১৯১০ চনৰ ১ মে’ত কৰা ঐতিহাসিক ভুলৰ পুনৰাবৃত্তি ঘটাই নিজৰ ঐতিহাসিক জাতীয় পৰিচয় কলুষিত নকৰে, তাৰ প্ৰতি সচেতন হ’বলৈ জনগোষ্ঠীটোৰ প্ৰতিজন ৰাইজক আহ্বান জনায়।

প্ৰেছ বিবৃতিত বিশ্বজিৎ ৰায়ে উল্লেখ কৰি কয় যে, *ৰাজবংশী শব্দটো বিশেষণ শব্দ, ই কেতিয়াও জাতিবাচক শব্দ হ’ব নোৱাৰে।* কোচ-ৰাজবংশী এটা সংযুক্ত শব্দই জনগোষ্ঠীটোক বহুধা বিভক্ত কৰিছে। জনগোষ্ঠী হিচাপে আমি মূলত ‘কোচ’। গতিকে জনগোষ্ঠীটোৰ নাম কোচ আৰু ভাষা কোচ হিচাপে চলিত লোকপিয়লত সন্নিৱিষ্ট হোৱাটো কোচ জাতীয় পৰিষদে বিচাৰে।

অভিবৰ্তনৰ এক জাতি, এক পৰিচয় আৰু এক ভাষাৰ সিদ্ধান্তক সাৰোগত কৰি কোচ-ৰাজবংশী জাতীয় পৰিষদৰ নামৰ সালসলনি ঘটাই ৰাজবংশী শব্দটো পৰিত্যাগ কৰি *কোচ জাতীয় পৰিষদ* নামাকৰণ কৰা বুলি প্ৰেছ টোকাত উল্লেখ কৰে।

ৰায়ে প্ৰেছ টোকাটোত কয় যে, অভিবৰ্তনে কোচ সকলৰ ভাষা, সাহিত্য, সংস্কৃতি চৰ্চা, গৱেষণা আৰু সম্প্ৰসাৰণৰ স্বাৰ্থত কোচ সাহিত্য পৰিষদ গঠনৰ পোষকতা কৰি আক্ৰাছুৰ প্ৰতিষ্ঠাপক উপদেষ্টা, অসম আন্দোলনৰ নেতা, অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট ঝাৰুৱা ভাষাৰ কবি বিমল কুমাৰ বৰ্মনক সভাপতি আৰু ফণীন্দ্ৰ নাৰায়ণ দেৱক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী কোচ সাহিত্য পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে। কোচ সাহিত্য পৰিষদে অবিভক্ত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত কোচ ভাষাৰ সংমিশ্ৰণত গঢ়ি উঠা আঞ্চলিক ৰূপৰ ভিত্তিত “মাওৰ ৰাও” শীৰ্ষক নামেৰে এখন বৃহৎ আকাৰৰ গ্ৰন্থ অচিৰেই প্ৰকাশ কৰি উলিওৱাৰ কথা ৰায়ে প্ৰেছ বিবৃতিটোত উল্লেখ কৰে।

বিবৃতিযোগে আন এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ বিষয়ে সদৰি কৰি বিশ্বজিৎ ৰায়ে কয় যে, ১৯৬৭ চনৰে পৰা অসমৰ ভূমিপুত্ৰ কোচ সকলে জনজাতিকৰণৰ দাবী কৰি আহিছে যদিও অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদন বাবে বাবে ভাৰতৰ মহাপঞ্জীয়কে নাকচ কৰি আহিছে। নাকচ কৰাৰ মূলতে পশ্চিমবংগৰ পৰা বিভিন্ন সময়ত অসমলৈ অহা দেশীয় প্ৰব্ৰজিত ৰাজবংশী সকলৰ লগতে পূৰ্ববংগীয় মূলৰ বেংগলী ৰাজবংশী সকলক সামৰি কোচ-ৰাজবংশী বুলি জনজাতিকৰণৰ দাবী কৰি অহাৰ বাবে কোচ সকলে পাবলগীয়া জনজাতিকৰণৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। সেয়ে জাতীয় অভিবৰ্তনে কোচ সকলৰ ভৱিষ্যতৰ স্বাৰ্থত অবিভক্ত গোৱালপাৰা জিলাৰ খিলঞ্জীয়া কোচ বংশোদ্ভূত জনগোষ্ঠীটোৰ লোকসকলক ১৯৫১ চনৰ নাগৰিকপঞ্জী (NRC) আৰু ১৯৫২ চনৰ ভোটাৰ তালিকাৰ ভিত্তিত ভৈয়াম জনজাতিকৰণ (ST-P) কৰাৰ বাবে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। অভিবৰ্তনে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনকো সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰি পূৰ্ণ স্বায়ত্তশাসন প্ৰদান কৰিবলৈ অসম তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।



Source link

Leave A Reply

Your email address will not be published.